শিমলুগুৰি, নৱেম্বৰ ৫: শিৱসাগৰ জিলাত থকা আহোমৰ ৬০০বছৰীয়া ৰাজত্ব কালৰ ঐতিহাসিক সমল সমূহ ক্ৰমাৎ ধ্বংসৰ গৰাহত। ইয়াৰ উপৰি নাজিৰা মহকুমা গড়কাপ্তানি বিভাগ আৰু  লক্ষ্মীজানস্থিত খণ্ড বন কাৰ্যালয়ৰ দায়িত্বহীনতাৰ বাবে জৰাজীৰ্ণ বাট পথ আৰু ঐতিহাসিক বৰশিল বৰ্তমান বন জংঘলৰে আগুৰি ধৰি বৰ্তমান ঐতিহাসিক শিলটি ক্ষয় যোৱাৰ উপক্ৰম ঘটিছে। কাণসাৰ নাই ৰাজ্যৰ ব্যাগোম চৰকাৰী বিভাগৰ। ঠিক তেনেস্থলত বিগত বহু বছৰ ধৰি ইতিহাসে গৰকি থকা ঐতিহাসিক বৰশিলটি সংৰক্ষণ তথা চোৱাচিতা কৰাৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত এখন  ‘বৰশিল সংৰক্ষণ সমিতি’ থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বছৰৰ বিভিন্ন সময়ত উক্ত সমিতি খনে ঐতিহাসিক বৰশিলটি দীৰ্ঘদিন ধৰি সংৰক্ষণ তথা হাবি জংঘল সমূহ কাটি মুকলি কৰি বনভোজ প্ৰিয় ৰাইজক শিলটি দৰ্শন তথা উক্ত স্থানত বনভোজ খোৱাৰ সুবিধা কৰি দিয়াত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজ প্ৰিয় ৰাইজে প্ৰশংসা কৰে। কিন্তু এই ঐতিহাসিক বৰশিলটি সংৰক্ষণ বা সৌন্দৰ্যবৰ্ধনৰ কোনো পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ নকৰিলে পুৰাতত্ত্ব বিভাগে। ইফালে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ব বিভাগৰ অৱহেলাৰ বিপৰীতে  নাজিৰা লক্ষ্মীজানৰ ‘বৰশিল সংৰক্ষণ সমিতি’ আৰু টাই আহোম যুৱ পৰিষদ, অসমৰ নাজিৰা মহকুমা সমিতি তথা স্থানীয় ৰাইজৰ নিজা প্ৰচেষ্টাত বাট পথ নিৰ্মাণ আৰু বিশেষ চাফাই কৰণৰ জড়িয়তে ঐতিহাসিক বৰশিলটি সংৰক্ষণৰ লগতে  বনভোজস্থলীৰূপে প্ৰতিবছৰৰ দৰে এইবাৰো সংগঠনটোৱে মুকলি কৰে আজি। উল্লেখ্য যে, নাজিৰা লক্ষ্মীজানৰ ঐতিহাসিক বৰশিল সংৰক্ষণ সমিতিখনে টাইপা নাজিৰা মহকুমা সমিতিৰ সহযোগ মৰ্মে বৰশিল বনভোজস্থলীত বিগত পাঁচ বছৰে দিখৌ মহোৎসৱ পাতি ৰাইজৰ সমাদৰ লভিবলৈ সক্ষম হৈ আহিছে। যদিও আজি পৰ্যন্ত ৰাজ্য চৰকাৰে সমিতি খনলৈ সহায়ৰ হাত আগ নবঢ়োৱাক লৈ সমিতিৰ প্ৰতিনিধি বৰ্গই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে আজি পুৱাৰ পৰা সম্পূৰ্ণ দিনযোৰা ভাৱে নাজিৰা লক্ষ্মীজানৰ বৰশিল সংৰক্ষণ সমিতিৰ সভাপতি লোকনাথ গগৈ, সম্পাদক অৰুণ ৰাজকোঁৱৰৰ উদ্যোগত টাইপা নাজিৰা মহকুমা সমিতিৰ সভাপতি চাও অৰুণ ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি চাও গকুল গগৈ, যুটীয়া সম্পাদক কৃষ্ণ দিহিঙীয়া সহ প্ৰতিনিধি বৰ্গ আৰু স্থানীয় একাধিক ৰাইজৰ সহযোগত ঐতিহাসিক বৰশিলটি সংৰক্ষণ তথা চাফাই কৰণৰ ব্যৱস্থা হাতত লয়। ফলস্বৰূপে নীৰৱ দৰ্শকৰ ভূমিকাত ৰাজ্য চৰকাৰৰ ব্যাগোম পুৰাতত্ত্ব বিভাগ। যাৰ বাবে দুৰ্বৃত্তই আহোম ৰজাৰ অহোপুৰুষাৰ্থ ঐতিহাসিক সমল সমূহ চুৰি তথা ধ্বংস কৰিব ধৰিছে।