সোনাপুৰ, ১১ জুনঃ সোনাপুৰৰ সৰ্মীপবৰ্ত্তী ৰেৱা মহেশ্বৰ গাঁৱত এটা দুলৰ্ভ প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়৷ ৰেৱা মহেশ্বৰ গাঁৱৰ বাসিন্দা উদিত ইংলেঙে ঘৰৰ সন্মুখৰ ৰাজপথত লাজুকী বান্দৰটোক প্ৰত্যক্ষ কৰে৷ ওচৰৰ হাবিৰ পৰা পথভ্ৰষ্ট হৈ লাজুকী বান্দৰটো ৰাজপথত যান-বাহনৰ মাজত আৱদ্ধ হৈ পৰে৷ উদিত ইংলেঙে ৰাজপথ অনাই-বনাই ঘূৰি ফুৰা বান্দৰটোক প্ৰত্যক্ষ কৰি নিজৰ ঘৰলৈ লৈ আনে৷ ৰাজপথৰ হূলস্থূলীয়া পৰিবেশত ভয়ত কোঙা হোৱা বান্দৰটোক ইংলেঙে ফল-পানী খোৱাই সুস্থ কৰি সোনাপুৰ বন বিভাগক অৱগত কৰে৷ সোনাপুৰ বন বিভাগৰ বিষয়া ইংলেঙৰ ঘৰত উপস্থিত হৈ বান্দৰটোক হস্তগত কৰে৷