বাইহাটা চাৰিআলি, ১০ জুনঃ বাইহাটা চাৰিআলিৰ আলিপুৰ গাঁৱত বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে৷ প্ৰকাণ্ড আকাৰৰ অজগৰটোৱে এটা ছাগলী ভক্ষণ কৰাৰ পিছত পথাৰত পৰি থাকে৷ ওচৰৰে গাঁৱৰ ব্যক্তি এজনে প্ৰথমে পথাৰৰ মাজত প্ৰকাণ্ড আকাৰৰ অজগৰটো প্ৰত্যক্ষ কৰে৷ ব্যক্তিজনে লগে লগে ওচৰৰে বাইহাটা পলিটেকনিকট কাম কৰা এজন ব্যক্তিক খবৰ দিয়ে৷ অজগৰ ওলোৱা খবৰ পোৱাৰ লগে লগে পথাৰলৈ শতাধিক লোকৰ আগমণ হয়৷ মানুহৰ হূলস্থূলত অজগৰটো ওচৰতে থকা পানীলৈ নামি যায়৷ স্থানীয় লোকে অজগৰটো পানীৰ পৰা বামলৈ উঠাই আনে৷ সাংবাদিকৰ সহযোগত স্থানীয় লোকে বন বিভাগক অজগৰৰ খবৰ দিয়াত বন বিভাগে ততাতৈয়াকৈ অজগৰটো হস্তগত কৰি চিলা ৰেঞ্জলৈ লৈ যায়৷ অজগৰটোৰ দৈৰ্ঘ্য প্ৰায় ১৫ ফুট৷