কুন্দন ভৰালী

নগাঁও

১৮ জুলাই

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এখন গ্ৰন্থ বিনামূলীয়াকৈ ৫০ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিব ‘ক্ৰান্তিকাল’ প্ৰকাশনে। ‘ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী’ আৰু ‘অজন্তা প্ৰেছে’ লক ডাউনৰ মাজতো গ্ৰন্থখনৰ ৫০ হাজাৰ কপি প্ৰকাশৰ কামত ব্যস্ত।

অসমীয়া ভাষা-সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ১৯০৩ চনতে লিখি উলিয়াইছিল ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ এখন গ্ৰন্থ।সম্প্ৰতি কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা লক ডাউন’ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট আৰু দুঃসময়ৰ মাজতো নগাঁৱৰ ‘ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী’ আৰু ‘অজন্তা প্ৰেছে’ এই গ্ৰন্থখনৰ ৫০ হাজাৰ কপি প্ৰকাশ কৰি বিনামূলীয়াকৈ বিতৰণৰ এক ইতিবাচক পদক্ষেপ লৈছে।উল্লেখযোগ্য যে ১৯৬৮ চনতে অসমৰ আগশাৰীৰ প্ৰকাশণ গোষ্ঠী সাহিত্য প্ৰকাশৰ দ্বাৰা প্ৰকাশিত আৰু ট্ৰিবিউন প্ৰেছত মুদ্ৰিত ‘বেজবৰুৱা গ্ৰন্থাৱলী’ৰ প্ৰথম খণ্ডতো অন্তৰ্ভুক্ত হৈছিল ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ গ্ৰন্থখন। শেহতীয়াকৈ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য চৰ্চাৰ প্ৰতি যুৱ প্ৰজন্মক আগ্ৰহী কৰাৰ উদ্দেশ্যৰেই অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠীটোৱে বেজবৰুৱাৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ গ্ৰন্থখনৰ ৫০ হাজাৰ কপি প্ৰকাশ কৰি ছাত্ৰ-ছাত্রী তথা শিশুৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ পদক্ষেপ লৈছে।

‘ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী’ৰ ২১ বছৰ আৰু ‘অজন্তা প্ৰেছ’ৰ ৫০ বছৰ উপলক্ষে এই গ্ৰন্থখন পুনৰ মুদ্ৰন কৰি বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰিছে ‘ক্ৰান্তিকাল’ প্ৰকাশনে।’ ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী’ৰ স্বতাধিকাৰ কৈলাস ৰাজখোৱাই প্ৰকাশন গোষ্ঠী ‘সাহিত্য প্ৰকাশ’কো কৃতজ্ঞতা জনাইছে।