আব্দুল হক

নগৰবেৰা

১৮ জুলাই

বৰপেটাত ব্ৰহ্মপুত্ৰ নদীৰ চৰ-চাপৰৰীৰ বানাক্ৰান্ত ৰাইজৰ কাষত চেঙাৰ বিধায়ক শুকুৰ আলী। বিগত তিনি দিন ধৰি শুকুৰ আলীয়ে বুজ লৈ আছে বানাক্ৰান্ত ৰাইজৰ। শিবিৰে শিবিৰে বিতৰণ কৰিছে খাদ্য সামগ্ৰী আৰু ত্ৰিপাল। বানপানীয়ে ঘৰবাৰী বুৰাই পেলোৱাত গৰু-ছাগলীৰ লগত একলগে বসবাস কৰিব লগা হৈছে মানুহ।

বছৰৰ দ্বিতীয়টো বানপানীয়ে ৰাজ্যত উজনিৰ পৰা নামনিলৈকে তাণ্ডৱ চলাই আছে। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নৈ-উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে বুৰাই পেলাইছে লাখ লাখ লোকৰ ঘৰ। বৰপেটা জিলাৰ বিভিন্ন এলেকাত বানৰ কবলত পৰা ৰাইজৰ অৱস্থা এতিয়া অতিকৈ শোচনীয়। বিগত তিনি ধৰি বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে সাহায্য যোগান ধৰি অহা বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী শুকুৰবাৰেও বিভিন্ন চৰ-চাপৰী অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। বিশেষকৈ চৰ-চাপৰীত ব্ৰহ্মপুত্ৰ নদী উফন্দি উঠাত গৰাখহনীয়াই অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত আতংকিত হৈ পৰা ৰাইজৰ পৰিস্থিতিৰ বুজ লয় বিধায়ক গৰাকী। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ইতিমধ্যে চাৰ-চাপৰীৰ ৰাইজৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে ভেটি মাটি ডুব যোৱাত গৃহহীন হৈ পৰিছে কেইবাশ পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰা কাছুমাৰা এন. চিৰ এখন গাঁৱৰ প্ৰায় তিনিশ পৰিয়াল গৃহহীন হৈ পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰা কাছুমাৰা এন. চিৰ ৰাইজে বিধায়ক শুকুৰ আলীক নদীবান্ধ আৰু ওখ ভেটি স্থাপন কৰিবলৈ আবেদন জনায়।

ইফালে বানপানীৰ কবলত পৰা অঞ্চলটোৰ হাজাৰ হাজাৰ লোক ঘৰ এৰি আশ্ৰয় লৈছে ওখ ঠাইত। বহু বানাক্ৰান্ত পৰিয়ালে একেলগে বসবাস কৰিবলগীয়া হৈছে গৰু-ছাগলীৰ লগত। আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজ খাদ্যৰ অনাটনত দিন কটাইছে। এনে এক পৰিস্থিতিত বিধায়ক শুকুৰ আলী বানাক্ৰান্ত ৰাইজৰ মাজত কিছু খাদ্য সামগ্ৰী আৰু ত্ৰিপাল যোগান ধৰাত কিছু সকাহ লাভ কৰে বানাক্ৰান্ত ৰাইজ। বিধায়ক গৰাকী চেঙা সমষ্টিৰ কাছুমাৰা, মহচৰা আৰু খোলাবান্ধা গাঁও পঞ্চায়তৰ চৰাঞ্চলৰ প্ৰতিটো শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে।