শিমলুগুৰিৰ পৰা নেকিবুল হক, ২৫ ডিচেম্বৰ: ২৩ ডিচেম্বৰৰ পৰা পঞ্জাবৰ অমৃতচৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মিক্স বক্সিং প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰা শিৱসাগৰ জিলাৰ লাকুৱা জাতীয় বিদ্যালয়ৰ দুয়োগৰাকী খেলুৱৈ সোণৰ পদক লাভ কৰিছে। লাকুৱা দিহিঙীয়া কোঁৱৰ গাঁৱৰ  হেমন্ত ৰাজকোঁৱৰ আৰু মৌচুমী ৰাজকুৱৰীৰ কন্যা নিকি ৰাজকুমাৰীয়ে যথেষ্ট কষ্টেৰে অনুশীলন অব্যাহত ৰাখিছে। খেলৰ প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰতিদ্বন্দীক সহজেই পৰাস্ত কৰি তীব্ৰ প্ৰতিদ্বন্দিতা মূলক চুড়ান্ত খেলখনত মহাৰাষ্ট্ৰৰ প্ৰতিদ্বন্দীক ধৰাসায়ী কৰে।আনহাতে লাকুৱা টিপমীয়া গাঁৱৰ নিৱাসী ৰঞ্জন দেওঘৰীয়াৰ পুত্ৰ অভিনন্দন দেওঘৰীয়াই বহু কষ্টেৰে অনুশীলন কৰি সোণৰ পদক লাভ কৰিছে। নিকি ৰাজকুমাৰী অষ্টম শ্ৰেণী আৰু অভিনন্দন দেওঘৰীয়া নৱম শ্ৰেণীত  লাকুৱা জাতীয় বিদ্যালয়ত অধ্যয়ণৰত। বিদ্যালয়ৰ তৰফৰ পৰা দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীলৈ  অভিনন্দন জনোৱাৰ লগতে ৰাজ্যবাসীৰ পৰা আৰ্শীবাদ কামনা কৰিছে যে আগন্তুক দিনত অসমৰ লগতে ভাৰতৰ নাম বিশ্বৰ বুকুত জিলিকাব পাৰে।  ইতিমধ্যে দলটোৰ আন কেইবাগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শনেৰে প্ৰতিযোগিতাত আগবাঢ়ি আছে।