শিমলুগুৰিৰ পৰা নেকিবুল হক, ২৫ ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা কৃষক নেতা অখিল গগৈক চৰকাৰে পুনৰবাৰ আন এটা গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত সমগ্র ৰাজ্যতে যি প্ৰতিবাদৰ জোৱাৰ উঠিছে, সেই প্ৰতিবাদে ইয়াকে প্ৰমাণ কৰে যে অসমত অখিল গগৈয়ে নহয় সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰেহে অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত বিৰোধী দলপতি গৰাকীয়ে এই মন্তব্য কৰি উল্লেখ কৰে যে, অখিল গগৈৰ পুনৰ গ্ৰেপ্তাৰে চৰকাৰে ন্যায়পালিকাৰ ৰায়ক অৱজ্ঞা কৰিছে। বৰ্তমানৰ চৰকাৰখনে ৰাজনৈতিক শত্ৰুতা পুৰন কৰিবলৈ গৈ ধন আৰু প্ৰশাসনযন্ত্ৰৰ অপব্যৱহাৰ কৰিছে। শইকীয়াই আৰু উল্লেখ কৰে যে, গেৰুৱা দলৰ নেতাসকলে কংগ্ৰেছৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনত অংশ লোৱা নাছিল। সেয়ে তেওঁলোকে গণতান্ত্ৰিক আন্দোলনৰ বিষয়ে নাজানে। বিৰোধী দলপতিগৰাকীয়ে বিবৃতিটোত আৰু উল্লেখ কৰে যে, নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। আনহাতে দৈনিক অপহৰণ, ডকাইতি, উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত নিৰীহ শ্ৰমিকৰ মৃত্যুৰ দৰে ঘটনাই অসমৰ আইন – শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ সময়ত আইন – শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ চৰকাৰখনে এজন গণতান্ত্ৰিক সংগঠনৰ নেতাক এটাৰ পিছত এটা মনেসজা গোচৰত গ্ৰেপ্তাৰ কৰি নিজৰ দুৰ্বলতাকে প্ৰমাণ কৰিছে।