ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৫ ডিচেম্বৰ: যোৱা ১৫ ডিচেম্বৰ তিনিচুকীয়া জিলাৰ জাগুণ খান্দো বস্তিৰ পৰা অপহৰণ হৈছিল অৰুণাভ ফুকন। অৰুণাভৰ মুক্তিপণৰ ২ কোটি টকা দাবী কৰিছিল আলফা স্বাধীনে। প্ৰায় ১১দিনৰ পিছত আলফা স্বাধীনে মুকলি কৰি দিলে অৰুণাভক। ফোন যোগেদি নিজে জনালে অৰুণাভে নিজৰ মাতৃক। অৰুণাচল প্ৰদেশ জয়ৰাম পুৰ আৰক্ষী থানালৈ অনা হৈছিল অৰুণাভক। ইতিমধ্যে সম্পূৰ্ণ সুস্থ শৰীৰেৰে ঘৰ আহি পালেহি অপ‌‍ড্ৰত অৰুনাভ ফুকন।