মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালাত ভূমিস্খলনত সম্পূৰ্ণৰূপে বিধ্বস্ত এটা পৰিয়ালৰ ঘৰ-দুৱাৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰিয়ালটোৰ পাঁচ জনকৈ সদস্যৰ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। বানৰ পানীত প্লাৱিত শতাধিক গাঁও। জিলাখনৰ অসম-মেঘালয় সীমান্তবৰ্তী শতাধিক গাঁৱত কৃত্ৰিম বানত জলবন্দী লক্ষাধিক লোক।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ প্ৰায় ৩৫ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে নৈপৰীয়া শতাধিক গাঁও জলমগ্ন কৰিছে। একেদৰে জিলাখনৰ পূব প্ৰান্তত থকা অসম-মেঘালয় সীমান্তবৰ্তী প্ৰায় ১৫ খন গাঁও পঞ্চায়ত এলেকা কৃত্ৰিম বানৰ কবলত পৰিছে। বিগত প্ৰায় ২০ দিন ধৰি শতাধিক গাঁও কৃত্ৰিম বানৰ কবলত পৰি লক্ষাধিক লোক জলবন্দী হৈ থাকিব লগীয়া হৈছে।

ইফালে মেঘালয়ৰ গাৰো পাহাৰৰ লগতে মানকাচৰত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত শুকুৰবাৰে অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা আৰু বৰকোনা এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। তেলঢালা গাঁৱৰ জুলহাছ শেখ নামৰ লোক এজনৰ পৰিয়াল পুৱা শুই থকা অৱস্থাত পাহাৰৰ মাটি খহি ঘৰৰ তলত পৰে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত পৰিয়ালটোৰ সদস্য কেইজনৰ প্ৰাণ ৰক্ষা পৰে। অৱশ্যে ইয়াৰে এজন গুৰুত্বৰভাৱে আহত হয়।

ভূমিস্খলনৰ ফলত পৰিয়ালটোৰ এটা ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাত পৰিয়ালটো গৃহহীন হৈ পৰিছে। একেদৰে গাঁওখনৰ পাৰ্শ্ববৰ্তী বৰকোনাত ভূমিস্খলনৰ ফলত এন ই চি পথৰ যাতায়ত ব্যাহত হৈ পৰে। অৱশ্যে ভূমিস্খলনৰ পিছত পানীৰ ঢল নামি অহাত এন ই চি পথৰ ওপৰেদি পানী বৈ থকা পৰিলক্ষিত হৈছে। গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকাচৰৰ ন ন অঞ্চল বুৰাই পেলাইছে।