আজিজ আলী
বাক্সা: ধমধমাত তীব্ৰ গতিত চলিছে এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান। ধমধমাত বানৰ মাজত আৱদ্ধ লোক সকলৰ উদ্ধাৰ অভিযান দ্ৰুত গতিত চলাই আছে এছ ডি আৰ এফ বাহিনীৰ জোৱান সকল। পাগলাদিয়া নদীৰ বিধ্বংসী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা ধমধমা অঞ্চলত বানপানীত আৱদ্ধ লোক সকলৰ উদ্ধাৰ অভিযানত নামিছে এছ ডি আৰ এফ বাহিনী। বানাক্ৰান্ত লোক সকলৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আশ্ৰয় শিবিৰলৈ লৈ অনাৰ দায়িত্বত নোযোজিত এছ ডি আৰ এফৰ জোৱান সকল।

পাগলাদিয়া নদীৰ বাঢ়নী পানীত জলবন্দী হোৱা লোক সকলক ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ বাবে বাক্সা জিলা প্ৰশাসন আৰু বি টি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে পুৱাৰ ভাগৰ পৰা দ্ৰুত গতিত পানী বৃদ্ধি পোৱাত বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হলাপাৰ, নিছলামাৰী আৰু কদমতলা ৰিজাৰ্ভৰ জলবন্দী হৈ পৰা লোক সকলক দুখনকৈ এছ ডি আৰ এফৰ নাৱেৰে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি আনি নিছলামাৰী মিলন হাইস্কুলৰ আশ্ৰয় শিবিৰত ৰখা হৈছে।

বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু বাগানপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত বানাক্ৰান্তক উদ্ধাৰ অভিযান অব্যাহত ৰখা ৰাখিছে এছ ডি আৰ এফ বাহিনীৰ জোৱান সকলে৷ এছ ডি আৰ এফ বাহিনীয়ে উজিৰখাট আৰু গড়ভিতৰতো নাৱেৰে বানত আৱদ্ধ লোক সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰিছে। বি টি চি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে বানাক্ৰান্ত ৰাইজৰ সমস্যাৰ বুজ লৈ বানপীড়িত ৰাইজে যাতে সমস্যাত নপৰে তাৰ বাবে সকলো ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে।