নিউজ ডেস্ক : অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো প্ৰকৃতিৰ তাণ্ডৱলীল অব্যাহত আছে। নেৰা নেপেৰা বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে মেঘালয়ৰ গাৰো পাহাৰ। ধাৰাষাৰ বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত চাৰিজনকৈ লোক মৃত্যুৰ মুখত পৰিছে।

বৰষুণৰ পানীয়ে বহু দলং উটুৱাই নিয়াৰ লগতে ভূমিস্খলনৰ ফলত ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। গাৰো পাহাৰত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা চাৰিজন লোকৰ ভিতৰত এটি শিশুসহ একেটা পৰিয়ালৰ তিনিজন।

গাৰো পাহাৰৰ বাঘমাৰা সংঘটিত হোৱা এই ভূমিস্খলনৰ ঘটনাত
নিহত হোৱা একেটা পৰিয়ালৰ লোককেইজন হৈছে ক্ৰমে ৩১ বছৰীয়া টেঙকাম এ চাংমা, ২০ বছৰীয়া গামচিয়া চিএইচ ছাংমা আৰু ৪ বছৰীয়া ইয়াংকিম চিএইচ ছাংমা। পৰিয়ালটো বাঘমাৰাৰ অৱৰ্তন ভৱনৰ কাষত এটা ভাড়া ঘৰত আছিল।

ঘটনাৰ খবৰ পাই জিলা প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিতি হৈ মাটিৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ কৰে। ইফালে দক্ষিণ গাৰো পাহাৰৰ ছিজুত ভূমিস্খলনৰ ফলত আন এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে ভূমিস্খলন আৰু বানপানীৰ ফলত ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়তৰ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।