গুৱাহাটী, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ : সকলো মানুহ যদিওবা গ্ৰন্থ অধ্যয়ন প্ৰসুত নহয়,তথাপি এনে এজন মানুহ নোলাব যে নিজে পঢ়িব বা লিখিব নাজানিলেও যিকোনো এখন গ্ৰন্থৰ সোৱাদ নোলোৱাকৈ এই সমাজত আছে।

বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে সকলোৰে ঘৰটো হয়তো সৰুকৈ হ’লেও একোটাকৈ গ্ৰন্থাগাৰ আছে। একোখন ভাল গ্ৰন্থ অধ্যয়নে আমাৰ দেহ-মনলৈ সজীৱতা কঢ়িয়াই আনে।

কাৰাগাৰতো গ্ৰন্থ অধ্যয়নৰ প্ৰতি এক আকৰ্ষণ গঢ়ি তোলাৰ লক্ষ্যৰে মহানগৰীৰ মালিগাঁওস্থিত ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়ে লৈছে এক বিশেষ পদক্ষেপ।

মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰত এটা গ্ৰন্থাগাৰ স্থাপন কৰে। বৃহস্পতিবাৰে শুভ উদ্ধোধন কৰা হয় গ্ৰন্থাগাৰতো। উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ এদিচন আলী, বিদ্যাধৰ শইকীয়া আৰু ৰঞ্জিত বৈশ্যকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিসকল।

ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়খনৰ অধ্যক্ষই জানিব দিয়া অনুসৰি কেইবাটাও ভাষাৰ কিতাপ মহাবিদ্যালয়খনৰ তৰফৰ পৰা যোগান ধৰা হৈছে।