গুৱাহাটী, সংবাদ ৩৬৫, ১৪ নবেম্বৰ : বিশ্ব ডায়েবেটিছ দিৱসৰ সৈতে সংগতি ৰাখি হায়াত হাস্পতালৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা মহানগৰীত এক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ বিশ্ব ডায়েবেটিছ দিৱসৰ মূলমন্ত্ৰ হৈছে ‘ডায়েবেটিছঃ আপোনাৰ পৰিয়ালটোক সুৰক্ষা দিয়ক’। বিশ্ব ডায়েবেটিছৰ ৰাজধানীত পৰিণত হোৱা ভাৰতৰ অংগৰাজ্য অসমতো ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ডায়েবেটিছ। সেয়ে বিশ্ব ডায়েবেটিছ দিৱসৰ মূলমন্ত্ৰক সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰে হায়াত হাস্পতালে। এই তথ্য প্ৰকাশ কৰিছে হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই।

এক প্ৰেছ বিবৃতি যোগে দত্তই আৰু প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী আৰু ভাৰতীয় ষ্টেট বেংকৰ স্হানীয় সংমণ্ডলৰ মহা প্ৰবন্ধক সুধীৰ শৰ্মাই পতাকা জোঁকাৰি সুচনা কৰা মাৰাথন প্ৰতিযোগিতাৰ উভয় শাখাত ১৫ শতাধিক পুৰুষ-মহিলা প্ৰতিযোগীয়ে অংশ লয় ।

উক্ত প্ৰতিযোগিতাখনিত সন্মানীয় অতিথি হিচাপে অংশ লয় প্ৰাগ নিউজৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ, অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় কৌতুক অভিনেত্ৰী চেতনা দাস আৰু হায়াত হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজীৱ শইকীয়াই ।

খানাপাৰাস্হিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেল পথাৰত পুৱা ৫.৩০ বজাত অনুষ্ঠিত ১০ আৰু ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা সুকীয়া শাখাত অংশগ্ৰহণকাৰীসকলৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰা দুয়োটা শাখাত ১২ গৰাকী প্ৰতিযোগীক নগদ ধন, ট্ৰফী, মেডেল আৰু মানপত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে দুয়োটা শাখাতে তিনিজনকৈ পুৰুষ প্ৰতিযোগীৰ লগতে তিনিগৰাকীকৈ মহিলা প্ৰতিযোগীকো পুৰস্কৃত কৰা হয়। তদুপৰি উভয় শাখাৰ দৌৰ সম্পুৰ্ণ কৰা ২০০গৰাকীকৈ মুঠ ৪০০ গৰাকী প্ৰতিযোগীকো মেডেল আৰু মানপত্ৰ প্ৰদান কৰা হয়।