আজিজ আলী
মুকালমুৱা : মুকালমুৱাৰ জৰাজীৰ্ণ মাথাউৰি পৰিদৰ্শন কৰিলে বিধায়ক দিগন্ত বৰ্মনে। বৃহস্পতিবাৰে নিশাৰ ভাগত মুকালমুৱাৰ লাৰকুছিত জৰাজীৰ্ণ মথাউৰি পৰিদৰ্শন কৰে বিধায়ক দিগন্ত বৰ্মনে। জৰাজীৰ্ণ অৱস্থাত থকা লাৰকুছিৰ মাথাউৰি শীঘ্ৰে মেৰামতি কৰা আশ্বাস বিধায়ক গৰাকীৰ।

বৃহস্পতিবাৰে নিশা মুকালমুৱাৰ লাৰকুছিত জৰাজীৰ্ণ মথাউৰি পৰিদৰ্শন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে। প্ৰৱল বৃষ্টিপাতৰ ফলত সমগ্ৰ ৰাজ্য বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে। নলবাৰী জিলাৰ বহু অঞ্চল ইতিমধ্যে প্লাৱিত হৈছে যদিও বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা বর্তমানেও বানমুক্ত হৈছে আছে। অৱশ্যে মুকালমুৱাতো বানৰ আশংকাই দেখা দিছে।

নেৰা নেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত মুকালমুৱা যিকোনো সময়ত জলমগ্ন হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। বহ্মপুত্ৰৰ বৰ্দ্ধিত জলপৃষ্ঠই মুকালমুৱা অঞ্চলৰ বহ্মপুত্ৰৰ পাৰত থকা মথাউৰিলৈ অধিক ভাবুকিৰ সৃষ্টি কৰিছে। বিশেষকৈ লাৰকুছি অঞ্চলত বহ্মপুত্ৰ নৈৰ মথাউৰি ছিঙিলে পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা অধিক।

লাৰকুছি অঞ্চলত বহ্মপুত্ৰ নৈৰ মথাউৰি ছিঙিলে লাৰকুছি, ৰামপুৰ, দৌলাশাল, দমদমা, গোৰাক্ষাট্টাৰী, কাপলাবড়ী আদি বিভিন্ন গাঁও জলমগ্ন হৈ পৰাৰ লগতে সৰুক্ষেত্ৰী, চেঙা সমষ্টিৰ বিভিন্ন গাঁৱৰ বিস্তৰ ক্ষতি সাধন হ’ব। বিগত কেইবাবছৰ ধৰি সংকটজনক অৱস্থা থকা মথাউৰিটোত অহা খৰালিৰ পৰা খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হ’ব বুলি কয় বিধায়ক দিগন্ত বৰ্মনে।

মাথাউৰি পরিদর্শনৰ সময়ত বিধায়ক দিগন্ত বৰ্মনৰ লগত উপস্থিত থাকে দৌলাশাল লাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলাম, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি নাচিৰ প্ৰাধানিকে ধৰি কেইবাজনো লোক। মাথাউৰিটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে ৰাইজ শংকিত হৈ পৰিছে।