আজিজ আলী
মুকালমুৱা : নলবাৰীৰ বানপীড়িত ৰাইজৰ কাষত লুৰিণজ্যোতি গগৈ। নলবাৰী জিলাৰ বৰভাগত বানপীড়িত ৰাইজৰ কাষত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বৰভাগত কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰিলে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

নলবাৰী জিলাৰ বৰভাগত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে প্ৰথমে দুসুতিমুখৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ইয়াৰ পিছতে উত্তৰকুছিৰ বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ১২ কোটি ১২ লাখ টকীয়া ড্ৰেইনেজ ডেভলপমেন্ট স্কীম আজি পৰ্যন্ত সম্পূৰ্ণ নোহোৱা ঘটনাৰ জগৰীয়া কোন তাৰ তদন্ত হ’ব লাগে বুলি মন্তব্য কৰে। একেদৰে, বৰভাগৰ বান সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব পালনৰ বাবে চৰকাৰক দাবী জনায় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।

ইফালে উত্তৰকুছিত বানপীড়িত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অসম জাতীয় পৰিষদৰ নেতৃত্বই। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পৰিদৰ্শন কালত অসম জাতীয় পৰিষদৰ যুৱ নেতা শান্তনু কলিতা, অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকা, হিতেশ মজুমদাৰ, চন্দন কলিতাকৈ ধৰি কেবাগৰাকী দলীয় নেতা উপস্থিত থাকে।