মানকাচৰ : অসম চৰকাৰৰ কেবিনেটত পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াক লৈ মানকাচৰত অব্যাহত আছে দেশী জনগোষ্ঠীৰ আনন্দ উল্লাস। বৃহৎ ৰেলী, নৃত্যৰ লগতে ফটকা ফুটাই চৰকাৰক কৃতজ্ঞতা জ্ঞাপন দেশী জনগোষ্ঠীৰ। ‘ডি’ ভোটাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকে ধৰি দেশী জনগোষ্ঠীৰ সকলো প্ৰকাৰৰ সমস্যা সমাধানৰ আহ্বান।

যোৱা ৫ জুলাইত অসম চৰকাৰৰ কেবিনেটত ৰাজ্যৰ পাঁচটাকৈ মুছলমান জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়া হয়। ইয়াৰ পিছতে ৰাজ্যৰ বিশেষকৈ নামনি অসমৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত খিলঞ্জীয়া স্বীকৃতি পোৱা লোকৰ মাজত বিগত দুদিন ধৰি অব্যাহত আছে আনন্দ উল্লাস। বুধবাৰে গৰিয়া, মৰিয়া দেশী জাতীয় পৰিষদে জিলাৰ সদৰ হাটশিঙিমাৰীত ফটকা ফুটাই বিভিন্ন শ্ল’গানেৰে আনন্দ উল্লাস কৰে।

আনহাতে বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ জিলা সমিতিয়ে ব্যাপক আনন্দ উল্লাস কৰি চৰকাৰক কৃতজ্ঞতা নিবেদন কৰে। জিলাৰ সদৰ হাটশিঙিমাৰীত দেশী জনগোষ্ঠীয় মঞ্চৰ লোক সকলে এক বৃহৎ ৰেলী উলিয়াই চৰকাৰৰ পক্ষে ধ্বনি দিয়াৰ লগতে ৰাজপথৰ ওপৰত ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা যায়। আনহাতে দেশী জনগোষ্ঠীয় লোকৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰি এক প্ৰকাৰে বিজয় উল্লাস পালন কৰা পৰিলক্ষিত হয়।

অসম চৰকাৰৰ কেবিনেটৰ এই সিদ্ধান্তক দেশী জনগোষ্ঠীয় মঞ্চই
ঐতিহাসিক সিদ্ধান্ত বুলি মত প্ৰকাশ কৰে। অনাগত দিনত ‘ডি’ ভোটাৰ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ লগতে দেশী জনগোষ্ঠীৰ সকলো প্ৰকাৰৰ সমস্যা সমাধানৰ দাবী জনায় জিলাখনৰ দেশী জনগোষ্ঠীয় মঞ্চই। অসমৰ পাঁচ জনগোষ্ঠীক খিলঞ্জীয়া মুছলমানৰ স্বীকৃতিয়ে এই পাঁচ জনগোষ্ঠীক সকলো মুছলমানৰ লগত একাকাৰ কৰাৰ পৰা আঁতৰাই আনিলে বুলিও কয়।