মঙলদৈ : থানালৈ আহিল ট্ৰাকে ট্ৰাকে মটৰ চাইকেল (Bike)। ট্ৰাকে ট্ৰাকে মটৰ চাইকেল লৈ থানাত উপস্থিত আৰক্ষী। মঙলদৈ আৰক্ষীয়ে (Mangladai Police) থানালৈ আনে ট্ৰাকে ট্ৰাকে মটৰ চাইকেল। অৰুণাচল প্ৰদেশৰ পৰা মঙলদৈ আৰক্ষীয়ে জব্দ কৰি থানালৈ আনে বৃহৎ সংখ্যক মটৰ চাইকেল।

দৰং জিলাৰ সদৰ মঙলদৈত মটৰ চাইকেলৰ উজান। মটৰ চাইকেলৰ উজান উঠিছে মঙলদৈ থানাত। ট্ৰাকৰ পৰা আৰক্ষীয়ে নমাইছে পালছাৰ, হোণ্ডা, য়ামাহা আদি বিভিন্ন কোম্পানীৰ মটৰ।চাইকেল। ট্ৰাকে ট্ৰাকে এই বিভিন্ন কোম্পানীৰ মটৰ চাইকেল সমূহ মঙলদৈ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা আনিছে।

দৰং আৰক্ষী অধীক্ষকৰ নেতৃত্বত দৰং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা, মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি আৰু উপ পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰৰ তৎপৰতাত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে এই মটৰ চাইকেল সমূহ। এক গোপন খবৰৰ ভিত্তিত দৰং আৰক্ষীৰ এটা দলে অৰুণাচল প্ৰদেশত অভিযান চলাই উদ্ধাৰ কৰে এই মটৰ চাইকেল সমূহ।

অৰুণাচল প্ৰদেশৰ দিৰাঙত দৰং আৰক্ষীৰ দলটোৱে অভিযান চলাই উদ্ধাৰ কৰে ১৯ খনকৈ চুৰিৰ মটৰ চাইকেল। দিৰাঙত এই চুৰিৰ মটৰ চাইকেল সমূহ উদ্ধাৰ কৰি ট্ৰাকত লৈ মঙলদৈত উপস্থিত হয় দৰং আৰক্ষীৰ দলটোৱে। ১৯ খন চুৰিৰ মটৰ।চাইকেলৰ লগতে সাত জনকৈ লোকক গ্ৰেপ্তাৰ কৰে দৰং আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

মঙলদৈ সদৰ থানাত ৰুজু হোৱা ৩৫৭/২২ নম্বৰৰ এক গোচৰৰ ভিত্তিত দৰং আৰক্ষীয়ে অভিযান চলাই চুৰিৰ মটৰ চাইকেল সমূহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ওদালগুৰিৰ পৰা ৰাজু দাস, মিন্টু বড়ো, ঢেকীয়াজুলিৰ বিনোদ বসুমতাৰীকে ধৰি মুঠ সাত জনকৈ লোকক গ্ৰেপ্তাৰ কৰে। অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক দৰং আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।