গুৱাহাটী, ১৪ জুনঃ এফালে কৃত্ৰিম বানৰ সংহাৰী ৰূপ, আনফালে ভূমিস্খলনৰ আতংক৷ ইয়াৰ মাজতে গোৱৰৰ বানপানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে খানাপাৰাৰ কৃষ্ণ জ্যোতি মিলন নগৰত৷ মঙলবাৰে প্ৰৱল বৃষ্টিপাতে গুৱাহাটীৰ জনজীৱন ব্যাহত কৰাৰ সময়তে আঠমাইলত পাহাৰৰ পৰা বৰষুণৰ পানীয়ে কঢ়িয়াই অনা গোবৰে কাষৰীয়া অঞ্চলটোত ব্যাপক সমস্যাৰ সৃষ্টি কৰে৷ বৰষুণৰ পানীয়ে কঢ়িয়াই অনা গৰুৰ গোবৰে খানাপাৰাৰ কৃষ্ণ জ্যোতি মিলন নগৰৰ প্ৰায় ১০০ টা ঘৰৰ ভিতৰত সোমোৱাত অঞ্চলবাসী তীব্ৰ সমস্যাৰ লগতে বিস্তৰ ক্ষতিৰো সন্মুখীন হয়৷ গোবৰৰ কৃত্ৰিম বানত অঞ্চলটোত বহুটো যান-বাহন আবদ্ধ হৈ পৰে৷ স্থানীয় লোকে সদৰি কৰা মতে আঠ মাইলত কেইবাজনো গো-পালক আছে৷ বৰষুণৰ সময়ত এই গো-পালকসকলৰ গৰুৰ গোবৰ বৰষুণৰ পানীৰ লগত মিহলি হৈ পাহাৰৰ পৰা বাগৰি আহি অঞ্চলবাসীৰ মাজত সমস্যাৰ সৃষ্টি কৰে৷ এই গোবৰ পানীয়ে অঞ্চলবাসীৰ বিস্তৰ ক্ষতিও সাধন কৰে৷ কৃত্ৰিম বানে এফালে মহানগৰীৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমস্যাৰ সৃষ্টি কৰাৰ সময়তে আনফালে কৃত্ৰিম বানৰ ফলত আন এচাম লোকে মুনাফাও আদায় কৰিছে৷ পাহাৰৰ পৰা বৰষুণৰ পানীৰ লগত মিহলি হৈ অহা বালি বিক্ৰি কৰি ন মাইল অঞ্চলৰ এচাম লোকে মুনাফা আদায় কৰিছে৷ বৰষুণৰ পানীৰ লগত মিহলি হৈ অহা বালি নামনিত নলা-নৰ্দমাত জমা হয়৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত জমা হোৱা বালি বিক্ৰি কৰি এইসকল লোকে মুনাফা আদায়ৰ লগতে নলা-নৰ্দমা সমূহ উন্মুক্ত কৰাত নৰ্দমাৰ পানী যোৱাৰ পথ সুগম কৰি উপকৃত কৰিছে৷