নিউজ ডেস্ক, ৫ ডিচেম্বৰ: জৈৱ বৈচিত্ৰৰে ভৰপূৰ, প্ৰকৃতিৰ ৰম্য ভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য্যই সদায়ে পৰ্যটকক হাত বাউল দি মাতি আহিছে। শীতৰ আগমনৰ লগে লগে সেয়ে দেশী- বিদেশী পৰ্যটকৰে ভৰি পৰে মানাহ । মানাহ ৰাষ্ট্ৰীয় উদ্যানখনি কেইবাটাও ৰেঞ্জত বিভক্ত কৰা হৈছে ইয়াৰ ভৌগোলিক অৱস্থাৰ ওপৰত ভিত্তি কৰি। তাৰ ভিতৰত মানাহৰ উল্লেখযোগ্য এটি ৰেঞ্জ হৈছে বাঁহবাৰী ৰেঞ্জ (মথনগুৰী) ৰ গাতে লাগি থকা পানবাৰী ৰেঞ্জ। অতি ঘন জংঘল , বিস্তৰ্ণ অঞ্চল ব্যাপী থকা সেউজীয়া ঘাঁহ-বননি, নিজৰা, পাহাৰ – জান জুৰিৰে পৰিবেষ্টিত ভূটানৰ পাহাৰৰ নামনিত এই পানবাৰী ৰেঞ্জ গঠিত হৈছে। ঘন অটব্য আৰু জীৱ জন্তুৰ অবাধ বিচৰণ আৰু যাতায়ত ব্যৱস্থা উন্নত নোহোৱাৰ বাবে সাধাৰণ পৰ্যটকক এই ৰেঞ্জত সোমাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাছিল। কিন্তু সময়ৰ পৰিবৰ্তন, পৰ্যটন ক্ষেত্রৰ বিকাশ আৰু উন্নত আন্তঃগাঠনিৰ ক্ৰমাগত উন্নয়নৰ বাবে এইবাৰ পোন প্ৰথম বাৰৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় পানবাৰী ৰেঞ্জ। এক উৎসৱ মুখৰ পৰিৱেশত মানাহ ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই কালি পানবাৰীবাসী ৰাইজৰ সহযোগত পানবাৰী ৰেঞ্জ সাধাৰণ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় । ৰঙা ফিটা কাটি মুকলি কৰে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে। এই উপলক্ষে পানবাৰীত প্ৰাক্তন এম চি এল এ সুভাষ বসুমতাৰীৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত উন্মোচক বিধায়ক নাৰ্জাৰীয়ে পানবাৰী ৰেঞ্জৰ মুকলিয়ে অসমৰ পৰ্যটন ক্ষেত্রত এক সুন্দৰ আৰু আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। লগতে ইয়ে পানবাৰী অঞ্চলৰ আৰ্থ- সামাজিক ক্ষেত্ৰতো যোগাত্মক প্ৰভাৱ পেলাব বলি আশা প্ৰকাশ কৰে । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰকল্প সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই মানাহ কৰ্তৃপক্ষৰ আজি এটি দীৰ্ঘদিনীয়া সপোন বাস্তৱিত হোৱাত যথেষ্ট আনন্দ প্ৰকাশ কৰে। তেখেতে পানবাৰী ৰেঞ্জ পৰ্যটকৰ বাবে অন্য অন্যতম কেন্দ্ৰ বিন্দু হব বুলি আশা প্ৰকাশ কৰাৰ লগতে পানবাৰী ৰেঞ্জৰ বিভিন্ন আকৰ্ষণীয় স্থান সমূহৰ কথা উল্লেখ কৰে। বাগৰু নৃত্য আৰু আয়তী সকলৰ দিহা নামেৰে মুখৰতি হোৱা উদ্বোধনী অনুষ্ঠানটোৰ অন্তত প্ৰস্তাৱিত পানবাৰী ৰেঞ্জৰ মুখ্যদ্বাৰৰ তোৰণখনৰ আধাৰ শিলা স্থাপন কৰা হয়। বিশিষ্ট সমাজকৰ্মী তথা এন জি অ’ৰ কৰ্মকৰ্তা ধনঞ্জয় বসুমতাৰীৰ ব্যক্তিগত অৰ্থ সাহাৰ্য্যৰে নিৰ্মাণ হবলগীয়া তোৰণখনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক কমল সিং নাৰ্জাৰী আৰু প্ৰকল্প সংঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই । উদ্বোধনী অনুষ্ঠানত এম চি এল এ আটিং হাজং, প্ৰাক্তন এম চি এল এ দীপ্তি বালা ৰায়, বিজনী মহকুমা আৰক্ষী বিষয়া ধ্রুৱজ্যোতি নাথ, অসম আৰক্ষী, ভাৰতীয় সেনা, চি আৰ পি এফ আৰু এছ এছ বিৰ বিষয়া সকলৰ লগতে বিভিন্ন এন জি অ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।