মুৰফুলনি, ৫ ডিচেম্বৰ: গোলাঘাট জিলাৰ সমগ্ৰ মৰঙি মৌজাৰ লগতে মুৰফুলনিৰ উল্টাজান, ফলঙনি, অভয়জান, বৰগাঁও, নাহৰবাৰী অঞ্চলতো প্ৰায় দুমাহ ধৰি অব্যাহত আছে এজাক বন্যহস্তীৰ তাণ্ডৱ। যোৱা নিশাও অভয়জান, বৰগাঁও অঞ্চলত হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই শতাধিক বিঘা কৃষিভূমি তহিলং কৰে বুলি বাতৰি পোৱা গৈছে। তাৰোপৰি যোৱাকালি জাকটোৰে প্ৰায় দুই-তিনমাহ হোৱা এটা হাতী পোৱালি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যদিও আজিলৈকে বন বিভাগে পোৱালিটোৰ কোনো চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে। লগতে বন্যহস্তীয়ে নষ্ট কৰা খেতিপথাৰৰ কৃষকসকলক শীঘ্ৰেই ক্ষতিপূৰণৰ দাবী জনাইছে ৰাজ্য চৰকাৰক।