গুৱাহাটী, ৩০ আগষ্টঃ দিল্লীৰ শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা দিল্লীৰ আকালি দলৰ বিধায়ক মনজিন্দৰ সিং চিৰাচাই অসমীয়া শিখসকলৰ অধ্যুষিত অঞ্চল বৰকলা পৰিভ্ৰমণ কৰি তেওঁলোকৰ সমস্যাৰ খতিয়ান লয়৷ দিল্লীৰ বিধায়ক চিৰচাই অসমত শিখ সম্প্রদায়ৰ ২০০ বছৰীয়া ইতিহাসৰ কথা উল্লেখ কৰি কয় যে অসমীয়া জাতি গঠনত শিখসকলে অনবদ্য অৱদান আগবঢ়াই আহিছে৷ বৰ্তমান অসমীয়া সমাজ সংস্কৃতিৰ সৈতে নিজকে খাপ খুৱাই এই শিখসকল অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ তেওঁলোকে নিজৰ শিখ ধৰ্মকো সমানে পালন কৰি আহিছে৷ পঞ্জাৱৰ শিখসকলৰ দৰে তেওঁলোকো একে গুৰু চাহেবৰ সন্তান৷ অসমীয়া শিখসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে দিল্লীৰ বিধায়ক চিৰচাই সৰ্বতো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ কথা ব্যক্ত কৰে৷ তেওঁ অসমীয়া শিখসকলৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা জানিবলৈ দিয়ে৷ উল্লেখ্য যে, দিল্লীৰ বিধায়ক মনজিন্দৰ সিং চিৰাচাই কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি অসমীয়া শিখসকলৰ সমস্যাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়৷ অসমীয়া শিখসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক জনগোষ্ঠীটোক মাইক্ৰ’স্কোপিক সংখ্যালঘু হিচাপে মর্যাদা প্ৰদান কৰাৰ লগতে স্বাস্থ্যকেন্দ্র, দক্ষতা বিকাশ কেন্দ্র প্রতিষ্ঠাৰ বাবে অনুৰোধ জনায়৷ তেওঁ পোন প্রথমে অসমলৈ অহা শিখ নেতা চুতন্না সিঙৰ আৱক্ষ মূর্তি গুৱাহাটীত প্রতিষ্ঠাৰ আৰু ৰাজ্যৰ যিকোনো স্থানত শিখসকলৰ বাবে দহ বিঘা মাটি প্রদান কৰিবলৈ মুখ্যমন্ত্রীক অনুৰোধ জনায়।  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও শিখ প্রতিনিধি দলটোক অসমীয়া শিখসকলৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে৷