আজিজ আলী
মুকালমুৱা : বৰক্ষেত্ৰী মহাবিদ্যালয়ত গণিতত ৰামানুজনৰ অৱদান শীৰ্ষক আলোচনা চক্ৰ। নলবাৰী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান মুকালমুৱাৰ নাৰায়ণপুৰস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে গণিতত ৰামানুজনৰ অৱদান শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে কামৰূপ মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ লাচিত বৰাই। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মকছেদ আলীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰত সহকাৰী অধ্যাপক ডক্টৰ মফিদুল ইছলামে উদ্বোধনী ভাষণ প্ৰদান কৰে ডক্টৰ লাচিত বৰাই।

ভাষণ প্ৰসংগত ডক্টৰ মফিদুল ইছলামে গণিত, গণিত শিক্ষাৰ প্ৰয়োজনীয়তা, ৰাষ্ট্ৰীয় গণিত দিৱসৰ তাৎপৰ্য আৰু গণিত-বিজ্ঞানলৈ ৰামানুজনৰ অৰিহণা সম্পৰ্কে আলোকপাত কৰে। আলোচনা চক্ৰত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ৰমেন তালুকদাৰ, শৈক্ষিক তত্বাৱধায়িকা ডক্টৰ মামণি ভট্টাচাৰ্য, বিভাগীয় সহকাৰী অধ্যাপক ক্ৰমে মৃদুল হক চৌধুৰী, দিবাকৰ দত্ত, ইন্দ্ৰজিত নৰহ, ৰুবী দাস, দেৱান নজৰুল ইছলামৰ লগতে অন্যান্য বিভাগ সমূহৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে।