গুৱাহাটী : বন বিভাগৰ সফল অভিযান। ৯ টাকৈ হাতীৰ দাঁতসহ বন বিভাগে আটক কৰিলে দুজনক। বন বিভাগৰ জালত পৰা লোক দুজন মেঘালয়ৰ। বন বিভাগে ধৃত লোক দুজনক আৰক্ষীক গতাই দিয়ে। অধিক তথ্যৰ বাবে বন বিভাগৰ তদন্ত অন্যায় আছে।

ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ লগতে বন্যপ্ৰাণীৰ অংগৰ অবৈধ সৰবৰাহ অব্যাহত আছে। আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতে এইবাৰ বান বিভাগে চলালে এক অভিযান। এক গোপন খবৰৰ ভিত্তিত বন বিভাগে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰে।

বৃহস্পতিবাৰে পশ্চিম কামৰূপ বন বিভাগৰ অভিযানত জব্দ হয় কেইবাটাও হাতীৰ দাঁত। পশ্চিম গুৱাহাটী সংমণ্ডলৰ অধীনৰ মাটাইখাৰত অভিযান চলাই বন বিভাগে ৯ টাকৈ হাতীৰ দাঁত জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিম কামৰূপৰ লোহাৰঘাট আঞ্চলিক বন বিভাগে জব্দ কৰে হাতীৰ দাঁত কেইটা।

বন বিভাগে জব্দ কৰা ৯ টা হাতীৰ দাঁতৰ ওজন ৬.১২ কিলোগ্রাম বুলি জানিবলৈ দিয়ে বন বিভাগে। হাতীৰ দাঁতৰ লগতে মেঘালয়ৰ দুজন লোকক আটক কৰে বন বিভাগে। মেঘালয়ৰ লোক দুজনৰ নাম এডিচন নংত্ৰী আৰু দাৰিচান ননৰাম।

বন বিভাগে লোক দুজনক পলাশবাৰী আৰক্ষীক গতাই দিয়ে। মেঘালয়ৰ লোক দুজনে হাতীৰ দাঁত দুটা ক’ৰ পৰা আনিছিল আৰু ক’লৈ নিয়াৰ পৰিকল্পনা আছিল এই সম্পৰ্কে জানিব পৰা হোৱা নাই। বন বিভাগে এই সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।