মানকাচৰ : ফাৰ্মাচী (Pharmacy) সমূহত চলিল দণ্ডাধীশৰ অভিযান। অনুজ্ঞাপত্ৰ আৰু অন্যান্য নথিপত্ৰ নথকা ফাৰ্মাচী সমূহৰ বিৰুদ্ধে চলিল অভিযান। দণ্ডাধীশৰ অভিযানৰ উমান পাই ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰিলে বহু ফাৰ্মাচীৰ গৰাকীয়ে।

সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফাৰ্মাচী সমূহত চলে দণ্ডাধীশৰ অভিযানৰ। জিলাখনত অনুজ্ঞাপত্ৰ আৰু অন্যান্য নথিপত্ৰ নথকা ফাৰ্মাচী সমূহৰ বিৰুদ্ধে পুৱাৰ ভাগত দণ্ডাধীশৰ অভিযান চলে। জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জিলাখনত থকা ফাৰ্মাচী সমূহত অভিযান চলায় দণ্ডাধীশৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াৰ দলে।

অভিযানৰ উমান পাই অধিকাংশ ফাৰ্মাচীৰ গৰাকীয়ে ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰা পৰিলক্ষিত হয়। ফাৰ্মাচী সমূহৰ অনুজ্ঞাপত্ৰ আছে নে নাই আৰু ফাৰ্মাচী সমূহ নিয়ম নীতি মতে চলিছে নে নাই তাক লৈ এক সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে জিলা উপায়ুক্তই দণ্ডাধীশ সকলক এক নিৰ্দেশ প্ৰদান কৰিছিল। জিলা উপায়ুক্তৰ নিৰ্দেশৰ পিছতে জিলাখনত কেইবাজনো দণ্ডাধীশে জিলাখনৰ ফাৰ্মাচী সমূহত অভিযান চলায়।

দণ্ডাধীশ সকলে একাংশ ফাৰ্মাচীত অভিযান চলায় যদিও এই অভিযানৰ সময়ত অধিকাংশ ফাৰ্মাচীৰ গৰাকীয়ে ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰা পৰিলক্ষিত হয়। ফাৰ্মাচী বন্ধ কৰি পলায়ন কৰা ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ফালৰ পৰা জাননি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মানকাচৰ ৰাজহ চক্ৰ বিষয়াই জানিবলৈ দিয়ে।

মন কৰিবলগীয়া যে জিলাখনৰ বিভিন্ন ঠাইত কোনো ফাৰ্মাচীষ্ট নোহোৱাকৈ কেৱল বিক্ৰেতাৰ দ্বাৰা বহু ফাৰ্মাচীয়ে ঔষধ বিক্ৰী কৰি অহাৰ অভিযোগ দীৰ্ঘদিন ধৰি উঠি আহিছে। ফাৰ্মাচীষ্টৰ পৰা ভাড়াত অনুজ্ঞাপত্ৰ লৈ একাংশ ব্যৱসায়ীয়ে ফাৰ্মাচী খুলি ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ বাবে জিলা প্ৰশাসনে এনে ফাৰ্মাচীৰ বিৰুদ্ধে এই অভিযান চলায়। মানকাচৰ চহৰতো ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ নেতৃত্বত সজাতি দল এটা ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলায়।