জোনমণি বেগম
বিশ্বনাথ : ভয়াবহ গৰাখহনীয়াৰ কবলত বিশ্বনাথৰ কেইবাখনো গাঁও। আজি পৰ্যন্ত কাজিৰঙা ষষ্ঠ সংযোজনাৰ সঠিক সীমা নিৰ্ধাৰণ নোহোৱা বাবে ক্ষোভ স্থানীয় ৰাইজৰ। বিপদত বিশ্বনাথ আৰু চতিয়া মৌজাৰ ধৰ্মীয় সংখ্যালঘূ বসতি প্ৰধান বহু অঞ্চল। বিশ্বনাথ জিলাৰ দক্ষিণ পাৰৰ সংখ্যালঘূ বসতি প্ৰধান অঞ্চলত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলিন হৈছে কেইবাখনো গাঁও।গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকল আজি পৰ্যন্ত নাপালে পুনৰসংস্থাপন। ফলত এক দূৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে শ শ পৰিয়াল। গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা এই লোক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ কাণসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ।

ইফালে কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণ নকৰাৰ ফলত অতিৰিক্ত সমস‌্যাত পৰিছে বিশ্বনাথৰ ধৰ্মীয় সংখ্যালঘূ লোক সকল। এফালে গৰাখহনীয়াৰ কালৰূপ আনফালে কাজিৰঙাৰ সীমা নিৰ্ধাৰণ নকৰাকলৈ চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটা স্থানান্তৰ হৈ বিশ্বনাথৰ অন্য ঠাইত মাটি কিনি ঘৰ সাজিলেই চৰকাৰে সন্দেহজনক নাগৰিক সজাই বুলডোজাৰ চলোৱাই উচ্ছেদ কৰাৰ অভিযোগ সংখ্যালঘূ নেতাৰ।

অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নেতাই গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক সমস্যা সমূহ সমাধানৰ বাবে চৰকাৰক দাবী জনায়। পৰিষদৰ সম্পাদক নাজিৰ আহমেদে সংবাদ মাধ্যমৰ জড়িয়তে গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক পুনৰসংস্থাপন আৰু কাজিৰঙা ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণৰ লগতে গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত লোক সকলৰ সমস্যা সমূহ অতি শীঘ্ৰেই সমাধান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।