গুৱাহাটী, ২৪ জানুৱাৰী, ২০২৪ : জব্দ ১০ কোটি টকা মূল্যৰ গাঞ্জা (Marijuana Seized)। বিহাৰ অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। ৰবৰৰ বাণ্ডলৰ মাজত লুকুৱাই আনিছিল গাঞ্জাখিনি। দুজন সৰবৰাহকাৰীয়ে ত্ৰিপুৰাৰ পৰা বিহাৰলৈ গাঞ্জাখিনি সৰবৰাহ কৰিবলৈ লওঁতে জালত পৰে। ১৯০ টা পেকেটত আছিল ৪ হাজাৰ কেজি গাঞ্জা।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন ট্ৰাকৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ গাঞ্জা। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে। এই বুজন পৰিমাণৰ গাঞ্জাখিনিৰ লগত আটক হোৱা দুজন ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে।

আৰক্ষীৰ চকুত ধূলি দি গাঞ্জা সৰবৰাহৰ চেষ্টা চলাই পুনৰ গাঞ্জা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল। এছ টি এফ বাহিনীয়ে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মহানগৰী গুৱাহাটীত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছ টি এফ বাহিনীয়ে এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। মহানগৰীৰ নালাপাৰাত অভিযান চলাই এছ টি এফ বাহিনীয়ে ট্ৰাকখনত অতি কৌশলেৰে লুকুৱাই অনা গাঞ্জাখিনি জব্দ কৰে।

গাঞ্জা সৰবৰাহকাৰী দুজনে অতি কৌশলেৰে ৰবৰৰ বাণ্ডলৰ মাজত লুকুৱাই আনিছিল ৪ হাজাৰ কেজি গাঞ্জা। ১৯০ টা পেকেটত গাঞ্জাখিনি লুকুৱাই আনিছিল গাঞ্জা সৰবৰাহকাৰী দুজনে। গাঞ্জাখিনি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা বিহাৰলৈ নি থকা অৱস্থাত এছ টি এফ বাহিনীৰ অভিযানত ধৰা পৰে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ১০ কোটি টকাতকৈও অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। এছ টি এফ বাহিনীয়ে গাঞ্জাখিনিৰ লগতে গাঞ্জা সৰবৰাহকাৰী দুজনক আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে মহানগৰীত ১০ কোটিতকৈও অধিক মূল্যৰ গাঞ্জা জব্দ হৈছে।