বটদ্ৰৱা, নৱেম্বৰ ৩: বিগত ১৫ বছৰত কংগ্ৰেছৰ দিনত হৈ নুঠা বটদ্ৰৱা সমষ্টিৰ বিধ্বস্ত বাট-পথসমূহৰ মেৰামতি আৰু পুনৰ নিৰ্মাণত উঠি পৰি লাগিছে বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা৷ পৰিলক্ষিত হৈছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা যেন গড়কাপ্তানি পথসমূহ উন্নীতকৰণৰ বাবে মাৰথানতহে নামিছে৷ সম্প্ৰতি সমষ্টোটোৰ প্ৰায়বোৰ গড়কাপ্তানি পথৰে উন্নীতকৰণৰ কাম পূৰ্ণগতিত চলি থকা সময়তে আজি সমষ্টিটোৰ অন্য এক গুৰুত্বপূৰ্ণ পথৰূপে বিবেচিত জাজৰি চাবুকধৰা পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে বিধায়িকা আঙুৰলতা ডেকাই। অসম পথ মেৰামতি পুঁজি ২০১৭-১৮ বৰ্ষৰ অধীনত নিৰ্মাণ হ’ব লগা পথটোৰ প্ৰথম পৰ্যায়ত ৩ কিল’মিটাৰ দৈৰ্ঘ্য সামৰি লোৱা হৈছে। এই পথটোৰে বিগত সময়ছোৱাত যাতায়াতৰ ক্ষেত্ৰত নৰক যান্ত্ৰণা ভোগ কৰি আহিছিল প্ৰায় দহখন গাঁৱৰ কেইবাসহস্ৰাধিক লোকে। আজি পথটোৰ কামৰ শুভাৰম্ভণি অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত আঙুৰলতা ডেকাই পথটোৰ কাম অনাগত চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আনহাতে,২০‍১৮ বৰ্ষৰ ভিতৰত সমষ্টিটোৰ সকলো বাট পথ যাতায়াতৰ বাবে সুচল কৰি ৰাইজক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি যাব বুলিও ভাষণ প্ৰসংগত কয় বিধায়িকাগৰাকীয়ে৷ আনহাতে, বিধায়িকাগৰাকীয়ে দুপৰীয়া ভাগত জাজৰিৰ গোলেস্তান মধ্য ইংৰাজী মাদ্ৰাছাত উপস্থিত হৈ MSDP ৰ অধীনত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে অভিনেতা আকাশদ্বীপ ডেকা, গড়কাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে সহস্ৰাধিক লোক৷