মিৰ্জা, নৱেম্বৰ ৩:  ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ৰাস মহোৎসৱ৷ ঠিক তাৰেই ব্যতিক্ৰম নহয় দক্ষিণ কামৰূপ৷ দক্ষিণ কামৰূপৰো ভিন্ন ঠাইত বিভিন্ন আয়োজনেৰে আজিৰ পৰা অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ৷ দক্ষিণ কামৰূপৰ মিৰ্জা, বঙৰা, পলাশবাৰী, ৰামপুৰ আৰু ছয়গাঁৱত ব্যাপক আয়োজনেৰে আৰম্ভ হ’ল ৰাস মহোৎসৱ৷ এই ৰাস মহোৎসৱত প্ৰভু শ্ৰী কৃষ্ণৰ অসুৰ দমনৰ লগতে শিশু শ্ৰী কৃষ্ণই কৰা ধেমালিবোৰ দাঙি ধৰা হয়৷ শিল্পীৰ হাতৰ পৰশত যেন সাৰ পায় উঠিছে সকলো মৃন্ময় মুৰ্তি৷ আনহাতে গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী তথা বৰঝাৰ বিমান বন্দৰৰ ওচৰৰ বঙৰাতো আজিৰে পৰা আৰম্ভ হ’ল ২২ তম্ ৰাস মহোৎসৱ৷ এই ৰাস মহোৎসৱ প্ৰায় ১০ খন গাঁৱৰ লোকে মিলি উদযাপিত কৰিছে৷ ৩ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ ৯ দিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব ৰাস মহোৎসৱ৷ ৰাসলীলাৰ ওপৰত ভিত্তি কৰি খেল-ধেমালি প্ৰতিযোগীতাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে৷