গুৱাহাটী, ১ ফেব্ৰুৱাৰী, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ফেশ্বন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজক মেগা এণ্টাৰটেইনমেণ্টে ছানচিল্ক ছিৰাম মেগা মিছ নৰ্থ ইষ্টৰ (Mega Miss North East) বিংশ সংস্কৰণৰ বাবে ৩১ জানুৱাৰীত কোকৰাঝাৰ কমাৰ্চ কলেজত অডিছনৰ আয়োজন কৰে। এই অডিছনৰ জৰিয়তে প্ৰতিযোগিতাৰ আয়োজকসকলে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ পৰা বাছনি কৰিব মুঠ ৫০ গৰাকী প্ৰতিযোগী প্ৰাৰ্থীক।

এই প্ৰাৰ্থীসকলে ছানচিল্ক ছিৰাম মেগা মিছ নৰ্থ ইষ্ট ২০২৪ ৰ আকাংক্ষিত খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ পিছতে পৰ্যায়ক্ৰমে ৩ ফেব্ৰুৱাৰীত কোহিমাৰ হোটেল জাপফুত আৰু গুৱাহাটীৰ আই টি এ কালচাৰেল কমপ্লেক্সত, ৭ ফেব্ৰুৱাৰীত আগৰতলাৰ হোটেল সোণাৰ ট’ৰীত, ১০ ফেব্ৰুৱাৰীত শ্বিলঙৰ হোটেল ভিভাণ্টাত আৰু শেষত ১৮ ফেব্ৰুৱাৰীত গেংটকৰ নৰ বাহাদুৰ ভাণ্ডাৰী কলেজত মেগা এণ্টাৰটেইনমেণ্টৰ দলে অডিছন অনুষ্ঠিত কৰিব। অডিছনৰ যিকোনো নিৰ্ধাৰিত স্থানতে উপস্থিত থাকিবলৈ সক্ষম নোহোৱা ইচ্ছুক অংশগ্ৰহণকাৰীসকলৰ পৰা অনলাইন আবেদনো গ্ৰহণ কৰিব মেগা এণ্টাৰটেইনমেণ্ট দলে।

অনলাইন আবেদনৰ বাবে আগ্ৰহীসকলে তেওঁলোকৰ পঞ্জীয়ন আৰু অডিছন প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ +৯১ ৮৪০৪০ ৯৩৯৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব। ফেশ্বন উদ্যোগী অভিজিত সিংহৰ পৰিকল্পনাৰে সৃষ্ট এই মেগা মিছ নৰ্থ ইষ্টৰ প্ৰযোজনা কৰিছে মেগা এণ্টাৰটেইনমেণ্টে আৰু প্ৰচাৰ কৰিছে মেগা এক্টিভেশ্যনে। ইয়াৰ দ্বাৰা অহা ২ মাৰ্চ তাৰিখে আইটিএ মাছখোৱাত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্ৰতিযোগিতাৰ বাবে গুৱাহাটীত একত্ৰিত হোৱা উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ আটাইতকৈ সুন্দৰ আৰু প্ৰতিভাৱান মহিলাক নিৰ্বাচিত কৰা হ’ব। এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি মেগা এণ্টাৰটেইনমেণ্টে ৰানাৰ্ছ আপৰ পৰম্পৰাগত ধাৰণাটোক আঁতৰাই প্ৰতিযোগিতাৰ পৰিৱেশক এক নতুন ৰূপ প্ৰদান কৰিছে।

শীৰ্ষ ৩ গৰাকী প্ৰতিযোগীয়ে যৌথভাৱে লাভ কৰিব ছানচিল্ক ছিৰাম মেগা মিছ নৰ্থ ইষ্ট ২০২৪ ৰ আকাংক্ষিত খিতাপ। এই অভূতপূৰ্ব পৰিকল্পনাৰ জৰিয়তে প্ৰতিগৰাকী বিজয়ীয়ে সমান আৰু উল্লেখযোগ্য সন্মান লাভ কৰাটো নিশ্চিত কৰা হ’ব। আন ৪৭ গৰাকী প্ৰতিযোগীৰ সৈতে কঠোৰ প্ৰতিদ্বন্দ্বিতাৰে আগবাঢ়ি অৱশেষত বিজয়ৰ মুকুট পৰিধান কৰা এই তিনিওগৰাকী প্ৰতিযোগীয়ে তেওঁলোকৰ অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰাই নহয়, বৰং তেওঁলোকে নিজকে প্ৰকৃত চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হ’ব। তিনিওগৰাকী বিজয়ীয়ে ১ লাখ টকাকৈ নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব।

এই আকাংক্ষিত শিৰোনামৰ সমান্তৰালভাৱে তেওঁলোকে ৰোমাঞ্চকৰ ভ্ৰমণৰ সুযোগ, মেগা এণ্টাৰটেইনমেণ্টৰ পেছাদাৰী প্ৰতিনিধিত্ব, বিভিন্ন ব্ৰেণ্ডৰ সৈতে যোগাযোগ, শ্বুটত অংশগ্ৰহণ, যুৱ আৰু ফেশ্বন অনুষ্ঠানত ভাগ লোৱাৰ লগতে লাইফ্‌ছ পাৰ্পলে প্ৰদান কৰা ব্যাপক জনসংযোগ তথা সুনাম ব্যৱস্থাপনা সেৱাও লাভ কৰিব। প্ৰতিযোগিতাখনলৈ সহযোগিতা আগবঢ়োৱা উল্লেখযোগ্য পৃষ্ঠপোষকসকলৰ ভিতৰত আছে টাইটেল স্পনছৰ হিচাপে ছানচিল্ক ছিৰাম, কচমেটিক পাৰ্টনাৰ হিচাপে ডেজলাৰ ইটাৰ্ণা, ফেশ্বন পাৰ্টনাৰ হিচাপে বাটাৰফ্লাই ক্লথিং এণ্ড এক্সেচৰিজ, আৰু হস্পিটেলিটি পাৰ্টনাৰ হিচাপে হোটেল ডেইস্কো অলে এলো।