নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী, ২০২৪ : অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) নামচাইত উত্তপ্ত পৰিস্থিতি। এজন বৃদ্ধৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নামচাইত। কাকপথাৰত-ডিৰাক গেট অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত শ শ লোকৰ। হাজাৰ হাজাৰ বাহন আৱদ্ধ হৈ পৰিছে ৰাজপথত। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষী প্ৰশাসনৰ।

অৰুণাচল প্ৰদেশৰ নামচাই জিলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এজন বৃদ্ধৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ৰাইজে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ। নামচাইৰ এখন ফাৰ্মত কৰ্মৰত বৃদ্ধজনে নিজৰ প্ৰাপ্য বিচাৰি যোৱাত বৃদ্ধজনক হত্যা কৰাৰ অভিযোগত ৰাইজে কাকপথাৰত-ডিৰাক গেট অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ফলত হাজাৰ হাজাৰ বাহন ৰাজপথত আৱদ্ধ হৈ পৰিছে।

অৰুণাচল প্ৰদেশৰ নিউ চালাতুৰ প্ৰায় ৭০ বছৰীয়া এজন বৃদ্ধ নামচাইৰ এখন ফাৰ্মত কৰ্মৰত আছিল। কিছুদিন পূৰ্বে বৃদ্ধজনে নিজৰ প্ৰাপ্য বিচাৰি যোৱাত ফাৰ্মৰ স্বত্বাধিকাৰে কেইজনমান যুৱকৰ লগত মিলি বৃদ্ধ লোকজনক মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত বৃদ্ধজনৰ নাম ছাব টাই বুলি জানিব পৰা গৈছ। ছাব টাই নামৰ বৃদ্ধজনৰ মৃত্যু তদন্ত দাবী তুলি উত্তেজিত ৰাইজে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ কাকপথাৰ ডিৰাক গেট অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অসম-অৰুণাচল প্ৰদেশ যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

বৃদ্ধ লোকজনৰ হত্যাৰ অভিযোগত তিনিজনক নামচাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ইফালে উত্তেজিত ৰাইজে ফাৰ্মৰ স্বত্ত্বাধিকাৰীক গ্ৰেপ্তাৰৰ কৰিবলৈ তীব্ৰ দাবী জনোৱাৰ লগতে বৃদ্ধজনৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৰুণাচল প্ৰদেশৰ কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে মৃত বৃদ্ধজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ দাবীও জনাইছে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পথ অৱৰোধৰ ফলত অসম আৰু অৰুণাচল প্ৰদেশলৈ চলাচল কৰা শ শ যাত্ৰীবাহী, মালবাহী, তৈল পৰিবাহী বাহন আৱদ্ধ হৈ পৰিছে। ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে।