শ্বিলং : অসম আৰক্ষীৰ সমান্তৰালভাৱে অব্যাহত আছে মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Meghalaya Police War Against Drugs)। ড্ৰাগছ বিৰোধী অভিযান চলাই মেঘালয় আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল মেঘালয় আৰক্ষীৰ জালত।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকা সময়তে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে মেঘালয় আৰক্ষী। মেঘালয় আৰক্ষীয়ে ৰাজ্যখনৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে। বিগত সময়ছোৱাত মেঘালয় আৰক্ষীয়ে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক কেইবাকোটি টকা মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

কিছুদিন পূৰ্বে মেঘালয় আৰক্ষীয়ে দুটাকৈ সফল অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে মহিলাসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। পুনৰ মেঘালয় আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মেঘালয় আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা আৰক্ষীয়ে ৭৪ টা হে’ৰইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। জব্দকৃত হে’ৰইনখিনিৰ বজাৰ মূল্য ৪.৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। মেঘালয় আৰক্ষীয়ে জানিবলৈ দিয়ে যে এক গোপন খবৰৰ ভিত্তিত বৰ্ণিহাট আৰক্ষীয়ে এমএল-০৫-এছ-৯৪৮৫ নম্বৰৰ এখন বাহনত তালাচী চলাই হে’ৰইন ভৰ্তি চাবোনৰ বাকচ কেইটা জব্দ কৰে।

ড্ৰাগছ সৰবৰাহকাৰীজনে বাহনখনত অতি কৌশলেৰে চাবোনৰ বাকচ কেইটা লুকুৱাই আনিছিল। ড্ৰাগছ সৰবৰাহকাৰীজনে মণিপুৰৰ পৰা ড্ৰাগছখিনি আনিছিল বুলি আৰক্ষীৰ জেৰা জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা চলাই আছে।