জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ পথ দুর্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত বাইকসহ অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু। তীব্ৰ বেগী মিনি ট্ৰাক এখনে মহতিয়াই নিয়ে বাইক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দেওবাৰে বিশ্বনাথত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হয়। তীব্ৰ বেগী মিনি ট্ৰাক এখনে বাইক এখনক মহতিয়াই নিয়াত বাইক চালকজন থিতাতে নিহত হয়। মিনি ট্ৰাকখনে বাইকখনক মহতিয়াই নিয়াত পথৰ ওপৰতে বাইকখন জ্বলি উঠে।

বাইকখন জ্বলি উঠাত বাইক চালকজন অগ্নিদগ্ধ হৈ থিতাতে মৃত্যুৰ মুখত পৰে। দুর্ঘটনাত পিছতে একাংশ স্থানীয় লোকে দাওদাওকৈ জ্বলি উঠা বাইকখনত পানী ঢালি জুই নিৰ্বাপন কৰে যদিও বাইক চালকজন অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত সংঘটিত হৈছে এই ভয়ানক পথ দুর্ঘটনা।

ইফালে দুর্ঘটনা সমঘটিত কৰি মিনি ট্ৰাকখন এৰি ট্ৰাক চালকজন পলায়ন কৰে। পথ দুর্ঘটনাত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকজন বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ নাজিৰ আলী বুলি চিনাক্ত কৰা হৈছে৷ দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।