নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ নৱেম্বৰ : অসমৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰাৰ দায়িত্ব এন জি অ’ক প্ৰদান কৰাৰ ফলত কৰ্মহীন হৈ পৰিল লাখ লাখ কৰ্মচাৰী।

যাৰ প্ৰতিবাদ স্বৰূপে শুকুৰবাৰে প্ৰায় পাঁচ শতাধিক ৰন্ধন কৰ্মী আৰু সহায়িকাই ওৰাংৰ ৰৌতাৰ পৰাশ এগ্ৰো চচাইটি স্থিত ৰান্ধনী শালৰ সন্মুখত চৰকাৰ আৰু এন জি অ’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই সিদ্ধান্ত বাতিলৰ দাবীত প্ৰায় এঘণ্টা সময় ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদ কৰে যাৰ বাবে উক্ত সময়ছোৱাত যাতায়ত বন্ধ হৈ পৰে।

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে এন জি অ’সমূহকো অসম এৰি যাবলৈ দাবী জনায় ।