গুৱাহাটী, সংবাদ ৩৬৫, ১ নৱেম্বৰ : মিছন সঞ্চালকৰ সৈতে বৈঠকত মিলিত হয় সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু বৈঠকত মিলিত হোৱাৰ পাছতো টেট শিক্ষকসকলে আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই বৈঠকৰ পাছতে টেট শিক্ষক সমাজলৈ কেইবাটাও নতুন সুখবৰ। ৬,৫০০ৰ পৰা ৭,৪০০ টকালৈ বৃদ্ধি পাব টেট শিক্ষকসকলৰ গ্ৰেড পে। টেট শিক্ষয়িত্ৰীয়ে পাব মাতৃত্বকালীন ছুটী ।

ইয়াৰোপৰি মৃত শিক্ষকৰ পৰিয়াললৈ দিয়া এককালীন সাহাৰ্য্যও বৃদ্ধি পাব । আৰ অ পি অনুসৰি ষ্টেটপুল শিক্ষকৰ হ’ব দৰমহা। সুকীয়াকৈ পাব প্ৰধান শিক্ষক, বিশেষভাৱে সক্ষম শিক্ষকে ভাট্টা।