গুৱাহাটী, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখত শতাধিক ৰান্ধনীৰ উত্তাল প্ৰতিবাদ। ‘তেজ দিম, এন জি এ’ক মধ্যাহ্ন ভোজনৰ দায়িত্ব নিদিওঁ’ শ্লোগানেৰে উত্তাল জি এছ ৰোডৰ আকাশ-বতাহ।

মঙলবাৰে পুৱাৰ ভাগতে বৰা চাৰ্ভিছত জি এছ ৰোডৰ গাতে লাগি থকা শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহ ঘেৰাও কৰি শতাধিক ৰান্ধনীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ৰান্ধনী কৰ্মীৰ উত্তাল প্ৰতিবাদত তীব্ৰ যানযতৰ সৃষ্টি হোৱাত হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰে জি এছ ৰোডৰ ওপৰত। চৰকাৰী বিদ্যালয় সমূহত নিয়োজিত হৈ থকা ৰান্ধনী সকলক চাকৰিৰ পৰা অব্যহতি প্ৰদান কৰি ৰাজ্য চৰকাৰে বিভিন্ন এন জি অ’ক বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰাৰ বিৰুদ্ধে ৰান্ধনী কৰ্মী সকলে অব্যহত ৰাখিছে প্ৰতিবাদ।

আজি শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহ ঘেৰাও কৰি চৰকাৰী বিদ্যালয়ৰ শতাধিক ৰান্ধনীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে তেঁওলাকৰ চাকৰি ঘূৰাই দিয়াৰ বাবে শিক্ষামন্ত্রীক দাবী জনায়। শিক্ষামন্ত্রীৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদকাৰী সকলে পুৱাৰ ভাগতে ব্যস্ত জি এছ ৰোডৰ ওপৰত বহি পৰাত পথৰ ওপৰত হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰা পৰিলক্ষিত হয়। শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য মূর্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, আমাৰ চাকৰি ঘূৰাই দিয়ক, দালাল ৰাজ নাচলিব বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

উল্লেখ্য যে, ২০০৪ চনৰ পৰা চৰকাৰী বিদ্যালয় সমূহত শিক্ষাৰ্থী সকলৰ মধ্যাহ্ন ভোজনৰ ৰন্ধনৰ বাবে নিয়োজিত হৈ থকা প্ৰায় ১ লাখ ১৭ হাজাৰ ৰান্ধনীক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা অব্যহতি দি এন জি অ’ক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰিছে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত নিবনুৱা হৈ পৰা ৰান্ধনী সকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে।