নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যোৱা ৫ বছৰ ধৰি সন্ত্ৰাস চলাই ৫০ জনতকৈও অধিক লোকক বধ কৰা বন্যহস্তী লাডেনক আজি বন বিভাগৰ সহযোগত ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা।

গোৱালপাৰাৰ হত্যাকাৰী লাডেনক বন বিভাগে আটক কৰিবলৈ বহুপূৰ্বৰে পৰা চেষ্টা চলাই আছিল যদিও লাডেনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল বন বিভাগ । যোৱা ২৯ অক্টোবৰত গোৱালপাৰাত ৫ জনকৈ মানুহক হত্যা কৰাৰ পিছত লাডেনৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ বাধ্য হয় বন বিভাগ । লাডেনক বশীভূত কৰিবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনাত মিলিত হৈ বিধায়ক পদ্ম হাজৰিকাৰ সহযোগত অৱশেষত আজি ট্ৰেংকোলাইজ কৰে লাডেনক ।

আজি বিধায়ক পদ্ম হাজৰিকা ৫টাকৈ হাতীলৈ অৰণ্যৰ মাজত প্ৰৱেশ কৰি মাত্ৰ এঘণ্টাৰ ভিতৰত লাডেনক ট্ৰেংকোলাইজ কৰি বশীভূত কৰিবলৈ সক্ষম হয় । বিধায়ক পদ্ম হাজৰিকাই
লাডেনক ট্ৰেংকোলাইজ কৰাত গোৱালপাৰাৰ ৰাইজ উৎফুল্লিত হৈ পৰে যদিও হোজাই জিলাৰ লামডিং বনাঞ্চলত গোৱালপাৰাৰ লাডেনক বন বিভাগে মুকলি কৰি দিয়াৰ এক খবৰে লামডিং বাসী ৰাইজক আতংকিত কৰি তোলে। লামডিং বনাঞ্চলত লাডেনক মুকলি কৰি দিয়াৰ খবৰ পাই বহু লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায়।