গুৱাহাটী : মঙলবাৰে অৰ্থাৎ ১১ এপ্ৰিল তাৰিখে বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ (Guwahati) বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে। বাহিনী নৈৰ বুকু সংকুচিত কৰি অবৈধ নিৰ্মাণকাৰ্যত অনুমতি প্ৰদান কৰা পৌৰ নিগমৰ দোষী বিষয়ববীয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে পুৱা গুৱাহাটী পৌৰ নিগম আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মহানগৰীৰ বাহিনী নদীৰ পাৰৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ৰ অধীনত ৰূপায়িত বিভিন্ন কাম-কাজৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চলসমূহো পৰিদৰ্শন কৰে৷ ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পইণ্টৰ সমীপৰ বাহিনী নদীৰ দলঙৰ পৰা আৰম্ভ কৰা এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানা, সুন্দৰপুৰ, ৰাজধানী নাৰ্ছাৰী, লক্ষ্মীনগৰ, নয়নপুৰ, হেঙেৰাবাৰী, দিছপুৰ ৰ’টাৰী, ডাউন টাউন, ৰুক্মিনীগাঁও পিবকো পইণ্ট আদি বিভিন্ন এলেকাত বাহিনী নদীৰ দুয়োফালে হোৱা বেদখলৰ বুজ লয়৷

কেতবোৰ এলেকাত নদীখনৰ গতিপথ সংকুচিত কৰি একাংশ লোকে দেৱাল, বাসগৃহ আদি নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি এনে অবৈধ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়ববীয়াৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষপ গ্ৰহণ কৰিবলৈ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে মন্ত্ৰী অশোক সিংহলে৷ মহানগৰীৰ একাংশ নাগৰিকৰ অবিবেচক কাৰ্যকলাপৰ বাবে বাহিনী নদীৰ বুকু সীমাহীন আৱৰ্জনা, প্লাষ্টিকৰ বটল, পলিথিন আদিৰে ভৰি পৰাৰ লগতে গতিপথ সংকুচিত হৈ নদীখন মৃতপ্ৰায় হৈ পৰাৰ প্ৰসংগত আক্ষেপ প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় “বাহিনী, ভৰলু আদি নদীৰ পানী সংবহন ক্ষমতা স্বাভাৱিক ৰূপলৈ ঘূৰাই আনিব নোৱাৰিলে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাটো সম্ভৱ নহ’ব৷” মহানগৰীৰ বাসিন্দাসকলক এইক্ষেত্ৰত সজাগ আৰু সংবেদনশীলতাৰ পৰিচয় দিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়৷

মন্ত্ৰী গৰাকীয়ে কয় “বাহিনী নদী আৱৰ্জনা আৰু বেদখল মুক্ত হ’ব লাগে। বাহিনী মুক্ত নহ’লে গুৱাহাটী কৃত্ৰিম বান মুক্ত হ’ব নোৱাৰে। বাহিনী মুক্ত কৰি ৰক্ষা কেৱল মাত্ৰ পৌৰ নিগমৰ দ্বাৰা সম্ভৱ নহয়, ইয়াত মহানগৰবাসীৰ সম্পূৰ্ণ সহযোগৰ প্ৰয়োজন আছে।” মন্ত্ৰী গৰাকীয়ে লগতে কয় যে পৌৰ নিগমে বাহিনী পৰিষ্কাৰ কৰি দিয়াৰ পিছত যদি পুনৰ ইয়াৰ প্লাষ্টিক, প্লাষ্টিকৰ বটল, ঘৰৰ আৱৰ্জনা পেলায় তেন্তে পুনৰ বাহিনী নদী অবর্জনাৰে ভৰি পৰিব আৰু এনে পৰিস্থিতিত গুৱাহাটী মহানগৰীক কৃত্ৰিম বান মুক্ত কৰাটো সম্ভৱ নহয়। বাহিনী নদী পৰিষ্কাৰ ৰি মুক্ত কৰি ৰাখিবলৈ মন্ত্ৰী গৰাকীয়ে ৰাইজক আহ্বান জনায়।

বাহিনী নদীৰ দুয়ো পাৰৰ অবৈধ নিৰ্মাণ কাৰ্য সমূহত অতি শীঘ্ৰে উচ্ছেদ কৰি বাহিনী মুক্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। এইবাৰ বাৰিষাত গুৱাহাটী মহানগৰীৰ বানমুক্ত হ’ব নে বুলি সাংবাদিকে প্ৰশ্ন কৰা কৰাত মন্ত্ৰী গৰাকীয়ে কয় ইয়াৰ উত্তৰ সময়তে পোৱা যাব।পৰিদৰ্শনকালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে পৌৰ নিগমৰ অন্যান্য বিষয়ববীয়াসকলো উপস্থিত থাকে৷