গুৱাহাটী : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা মালবস্তু লোডিঙত দ্বিতীয় সৰ্বাধিক বৃদ্ধিৰ সফলতা অৰ্জন। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালবস্তু লোডিঙৰ প্ৰদৰ্শন ১৫.১৯ শতাংশলৈ বৃদ্ধি। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ভাৰতীয় ৰে’লৱেৰ সকলো সংমণ্ডলৰ মাজত মালবস্তুৰ লোডিং বৃদ্ধিৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে।

উত্তৰ পূব সীমান্ত ৰে’লৱেই যোৱা বিত্তীয় বৰ্ষ ২০২২-২৩ অত ১১.৯৮ মিলিয়ন টন (এমটি) মালবস্তু লোড কৰিছে। ২০২১-২২ বিত্তীয় বৰ্ষত ১০.৪০ এমটি লোডিঙৰ তুলনাত এয়া হৈছে ১৫.১৯% বৃদ্ধি। মাৰ্চ, ২০২৩ মাহত এই সংমণ্ডলে ১.১৭২ এমটি মালবস্তু লোড কৰে। আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষৰ তুলনাত যোৱা বিত্তীয় বৰ্ষ ২০২২-২৩ ত কয়লাৰ লোডিং ১৮১.২% বৃদ্ধি, ডলোমাইটৰ লোডিং ৯.১% বৃদ্ধি হৈছে। সাৰৰ লোডিং ১২.২% বৃদ্ধি হৈছে আনহাতে পি.ও.এল. লোডিং ৮.১%, কণ্টেইনাৰৰ লোডিং ১৪.৭% বৃদ্ধি হৈছে আৰু অন্যান্য সামগ্ৰীৰ লোডিং যোৱা বছৰত ১৬.৭% বৃদ্ধি হৈছে।

মাৰ্চ, ২০২৩ মাহত, পূৰ্ব বছৰৰ এই একেই সময়চোৱাৰ তুলনাত কেইটামান সামগ্ৰীৰ লোডিঙে গুৰুত্বপূৰ্ণ বৃদ্ধি পঞ্জীয়ন কৰিছে। উক্ত মাহটোত, কয়লাৰ লোডিং ৮.৭% বৃদ্ধি হৈছে যি লক্ষ্যতকৈ ৩২৪% অধিক। সাৰৰ লোডিং ৮.৭% বৃদ্ধি হৈছে আনহাতে কণ্টেইনাৰৰ লোডিং ৩০% বৃদ্ধি হৈছে আৰু অন্যান্য সামগ্ৰীৰ লোডিং ১৪.৯% বৃদ্ধি হৈছে। উল্লেখনীয় যে উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০২১-২২ বিত্তীয় বৰ্ষত ১০৪৪.০৫ কোটি টকাৰ বিপৰীতে, ২০২২-২৩ বিত্তীয় বৰ্ষত মালবাহী খণ্ডৰ পৰা ১৩৭৩.৫৯ কোটি টকা উপাৰ্জন কৰিছে। তাৎপর্যপূর্ণভাৱে ই হৈছে ৩১.৫৬% বৃদ্ধি।

উত্তৰ পূব সীমান্ত ৰে’লৱেই মালবাহী ৰে’লৰ লোডিঙৰ প্ৰদৰ্শন বৃদ্ধি কৰাৰ বাবে সম্ভৱ সকলো উপায় অন্বেষণ কৰি আছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰে’লপথ নিৰ্মাণ সম্পাদন হোৱাৰ ফলত মালবাহী ৰে’লৰ লোডিং বৃদ্ধিৰ উপৰিও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ পৰিবহনো বৃদ্ধি হৈছে।