কলগাছিয়া : পশু চিকিৎসালয়ৰ ভূমি বেদখল কৰি ব্যক্তিগত শৌচাগাৰ নিৰ্মাণ। কলগাছিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছে ব্যক্তিগত শৌচাগাৰ। ঘটনাক কেন্দ্র কৰি কলগাছিয়াত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। থানাত এজাহাৰ দাখিল।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ৰ ভূমিৰ সীমাক কেন্দ্ৰ কৰি দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যিক পশু চিকিৎসালয়খনৰ পূব প্ৰান্তৰ সীমাত থকা ভূমিৰ গৰাকী মৃত আব্বাছ আলীয়ে জীৱিত থকা অৱস্থাত ৰাজ্যিক পশু চিকিৎসালয়খনৰ প্ৰায় ২৫-৩০ লেচা মাটি বেদখল কৰি শৌচাগাৰ নিৰ্মাণ কৰিছিল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

লাট মণ্ডলে নিৰ্ধাৰণ কৰি দিয়া সীমা অতিক্ৰম কৰি অতিৰিক্ত ২৫-৩০ লেচা ভূমি বেদখল কৰি শৌচাগাৰ নিৰ্মাণ কৰা কাৰ্যক ৰাইজে বাধা প্ৰদান কৰিছিল যদিও আব্বাছ আলীৰ মৃত্যুৰ পিছত সম্প্ৰতি তেওৰ পত্নী আৰু পুত্ৰই উক্ত ভূমি ডৰাত পুনৰ শৌচাগাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাত স্থানীয় ৰাইজে বাধা প্ৰদান কৰি শৌচাগাৰ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে। ফলত ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাজ্যিক পশু চিকিৎসালয়খনৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বৰপেটা জিলাৰ উপায়ুক্তক দাবী জনায় স্থানীয় ৰাইজে। ইফালে ৰাজ্যিক পশু চিকিৎসালয়খনৰ কতৃপক্ষই বেদখলকাৰীৰ বিৰুদ্ধে কলগাছিয়া থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।