আমিনুৰ ৰহমানৰ সহযোগত প্ৰীতি পাৰীক
শিৱসাগৰ : শিৱসাগৰৰ দৰিকাপাৰস্থিত আৱৰ্জনাস্থলী পৰিদৰ্শন কৰিলে বিধায়ক অখিল গগৈয়ে। নিজৰ গাঁঠিৰ ধনেৰে শিৱসাগৰ নগৰ সেউজ কৰাৰ সংকল্প বিধায়ক অখিল গগৈৰ।

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বৃহস্পতিবাৰে শিৱসাগৰ নগৰৰ দৰিকাপাৰস্থিত আৱৰ্জনাস্থলী পৰিদৰ্শন কৰে। ৰাইজৰ দলৰ বিধায়ক গৰাকীয়ে ১০৮ নং বিধানসভা সমষ্টিটোৰ সৰ্বাংগীন উন্নতি কৰাৰ মানসেৰে প্ৰথমেই নগৰখন পৰিষ্কাৰ পৰিচন্নতাত গুৰুত্ব আৰোপ কৰে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে যে, চৰকাৰে কোনো ধৰণৰ সাহাৰ্য আগবঢ়োৱাৰ পৰা বিৰত থকাৰ লগতে অএনজিচি কতৃপক্ষৰ পৰা আগবঢ়োৱা মাননীও চৰকাৰৰ নিৰ্দেশত জিলা উপায়ুক্তই বন্ধ কৰি ৰাখিছে। তথাপিও সম্পূৰ্ণ নিজা পুঁজিৰে বিধায়ক গৰাকীয়ে ঐতিহাসিক স্থান সমূহত ফুল পুলি ৰোপন কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে বুলিও জানিবলৈ দিছে।