জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ অৰুণাচলী সুৰা বিৰোধী অভিযান। বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ১২০০ কাৰ্টুন অৰুণাচলী বিয়েৰ। এখন ট্ৰাকৰ পৰা জব্দ বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী বিয়েৰখিনি। আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকজনক।

ৰাজ্যজুৰি আৰক্ষী প্ৰশাসন সুৰাপান কৰা যান বাহন চলোৱা চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সেই সময়তে কিন্তু বিশ্বনাথ সদৰ আৰক্ষীৰ থানাৰ অভিযানত জব্দ কৰা হৈছে বিয়েৰ ভৰ্তি এখন ট্ৰাক। ১২০০ কাৰ্টুন অৰুণাচলী বিয়েৰ জব্দ কৰি আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালকজনক।

উল্লেখ যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে অৰুণাচলৰ পৰা এখন কন্টেইনাৰ যুক্ত ট্ৰাক অৰুণাচলী সুৰা লৈ বিশ্বনাথ অভিমুখে আহি থকাৰ এক খবৰ লাভ কৰিছিল। উক্ত খবৰৰ ভিত্তিত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দলে অভিযান চলাই বিয়েৰ ভৰ্তি ট্ৰাকখন জব্দ কৰে।

বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ট্ৰাকখনত তালাচী চলাই অৰুণাচলী বিয়েৰ জব্দ কৰে। বিশ্বনাথ সদৰ আৰক্ষী থানাই বিয়েৰ ভৰ্তি ট্ৰাকখন জব্দ কৰি জিলা আবকাৰী বিভাগক এই সন্দৰ্ভত অৱগত কৰি বিয়েখিনি বৈধ নে অবৈধ, এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।