মানকাচৰ : মানকাচৰত অপৰিবৰ্তিত বান পৰিস্থিতি। ন ন অঞ্চল প্লাৱিত হৈছে। এসপ্তাহে জলমগ্ন ডেৰ শতাধিক গাঁও। উপায়ুক্তৰ কাৰ্যালয়কে ধৰি কেবাটাও চৰকাৰী কাৰ্যালয় পানীৰ তলত। পানীৰ ঢলে উটুৱাই নিলে কালাপানী-টেপৰপাৰা সংযোগী পথৰ কাঠৰ দলং। ঠাকুৰাণবাৰীত পানীৰ ঢলে উটুৱাই নিয়া ১৬ টা পৰিয়ালৰ ঘৰ। বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই।

মেঘালয়ৰ গাৰো পাহাৰৰ পানীৰ ঢলে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰৰ বিভিন্ন এলেকাত তাণ্ডৱলীলা চলাইছে। ইতিমধ্যে মানকাচৰৰ ঠাকুৰাণবাৰী অঞ্চলৰ ১৬ টা পৰিয়ালৰ ঘৰ পানীৰ ঢলে উটুৱাই নিয়াৰ লগতে কেবাটাও পথ ছিঙি পেলোৱাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বহু অঞ্চলত। শুকুৰবাৰে পুনৰ কালাপানী এলেকাত থকা কালাপানী-টেপৰপাৰা সংযোগ পথৰ কালো নদীৰ ওপৰত থকা কাঠৰ দলংখন পানীৰ ঢলে উটুৱাই নিয়াত টেপৰপাৰা অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।

মানকাচৰৰ লগতে গাৰো পাহাৰত বৰষুণৰ ফলত প্ৰতিদিনে ন ন অঞ্চল প্লাৱিত হৈ থকাৰ লগতে বিগত প্ৰায় এটা সপ্তাহৰ ভিতৰত ডেৰ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে। আনকি জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে সদৰ থকা প্ৰায় ১০ খন চৰকাৰী কাৰ্যালয়, হাটশিঙিমাৰী মহাবিদ্যালয়, হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়কে ধৰি কেবাটাও চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান তথা হাটশিঙিমাৰী ছুপাৰ মাৰ্কেট কৃত্ৰিম বানে জলমগ্ন কৰি ৰাখিছে।

ফলত শিক্ষানুষ্ঠান সমূহত অস্থায়ীভাৱে পাঠদান বন্ধ কৰি ৰখা হৈছে। ইফালে গাৰো পাহাৰত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত কালো নদীৰে পানীৰ ঢল নামি আহি কালাপানী এলেকাৰ ন ন অঞ্চল প্লাৱিত কৰিছে। জিলাখনত মেঘালয়ৰ গাৰো পাহাৰৰ পানীয়ে হাহাকাৰ পতিস্থিতিৰ সৃষ্টি কৰাত জিলা প্ৰশাসনৰ ফলৰ পৰা শুকুৰবাৰে পুৱাৰ ভাগত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এল আৰ লস্কৰৰ লগত মানকাচৰৰ বিধায়ক আমিনুল ইছলামে বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰে।

বিধায়ক গৰাকী মানকাচৰৰ ঠাকুৰাণবাৰী এলেকাতো পানীৰ ঢলে উটুৱাই নিয়া ১৬ টা পৰিয়ালৰ ক্ষয়-ক্ষতিৰ বুজ লৈ চৰকাৰীভাৱে ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাক সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। বৰষুণ অব্যাহত থাকিলে মানকাচৰৰ প্ৰতিখন গাঁও প্লাৱিত হৈ জিলাখন বিস্তৰ ক্ষতিৰ সম্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্য জিলা প্ৰশাসনৰ ফালৰ পৰা ঠায়ে ঠায়ে জমা হোৱা পানী ওলাই যোৱাৰ বাবে বন্ধ নলাবোৰ কাটি সমস্যা সমাধান কৰাৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।