গুৱাহাটী : দুই ভাতৃ, দুয়ো জড়িত ড্ৰাগছৰ বেহাৰ লগত। দীর্ঘদিন ধৰি দুই ভাতৃয়ে মহানগৰীত চলাই আছিল ড্ৰাগছৰ বেহা। অৱশেষত ড্ৰাগছৰ বেহাৰ লগত জড়িত দুই ভাতৃ পৰিল মহানগৰ আৰক্ষীৰ জালত। গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই ভাতৃক।

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছৰ বেহাৰ লগত জড়িত ইজনৰ পিছত সিজন লোকক। আৰক্ষীৰ এই ধাৰাবাহিক সাফল্যৰ মাজতো কিন্তু একাংশই আৰক্ষীক কেৰেপ নকৰি চলাই গৈছে ড্ৰাগছৰ বেহা।

ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতো মহানগৰীৰ বিভিন্ন অঞ্চলত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। বৃহস্পতিবাৰে নিশাৰ ভাগত গগড়চুক আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ী ভাতৃক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত গড়চুৰ আৰক্ষীয়ে অভিযান চলাই প্ৰকাশ বাৰ্মা আৰু দিলীপ বাৰ্মা নামৰ দুই ভাতৃক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সাউকুছিৰ পৰা খেদি খেদি ফটাশিলত ড্ৰাগছ ব্যৱসায়ী প্ৰকাশ বাৰ্মা আৰু দিলীপ বাৰ্মা নামৰ দুই ভাতৃক আটক কৰে। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰে ২ পেকেট ড্ৰাগছ, ৩ টা কন্টেইনাৰ, নগদ ধন আৰু মোৱাইল ফোন জব্দ কৰে।

ধৃত দুই ভাতৃয়ে দীর্ঘদিন ধৰি ফটাশিলত এটা ভাড়া ঘৰত বাহৰ পাতি ড্ৰাগছৰ বেহা চলাই আছিল। দুই ভাতৃয়ে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি গুৱাহাটীত ড্ৰাগছৰ বেহা চলাই আছিল। আৰক্ষীৰ তদন্তত এই দুই ভাতৃৰ লগত জাকিৰ নামৰ আন এজন জড়িত থাক বুলি পোহৰলৈ আহিছে।