গুৱাহাটী, ২৪ জুন, ২০২৩ : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১৫ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Fifteen districts and sub division under water)। বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰত তাণ্ডৱলীলা চলাইছে বছৰৰ প্ৰথমটো বানে। দৰংৰ চহৰ অঞ্চলত কৃত্ৰিম বান। প্ৰথমটো বানত বর্তমানলৈকে প্ৰভাৱিত ৪ লাখ ৭ হাজাৰ ৭৭১ জন লোক।

বছৰৰ প্ৰথমটো বানত সর্বসাধিক লোক প্ৰভাৱিত হৈছে লখিমপুৰ আৰু নলবাৰী জিলাৰ লগতে বজালী আৰু তামুলপুৰ মহকুমাত। ৮৪৬৯.৫৬ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত। বছৰৰ প্ৰথমটো বানে তাণ্ডৱলীলা চলাইছে ৰাজ্যৰ কেইবাখনো জিলা আৰু মহকুমাত। বিশেষকৈ লখিমপুৰ আৰু নলবাৰী জিলাৰ লগতে বজালী আৰু তামুলপুৰ মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে প্ৰথমটো বানত। লখিমপুৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত দ’লহাটৰ শলমাৰীত শিঙৰা নদীৰ মাথাউৰি ছিঙি কেইবাখনো গাঁও ডুব গৈছে বাঢ়নী পানীত। নাওবৈচাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বছৰৰ প্ৰথমটো বানে। নিৰাপদ স্থানৰ সন্ধানত ঘৰ এৰি পলায়ন কৰিছে বান প্ৰভাৱিত লোকে।

পাহাৰীয়া উৎসৰ পৰা বৈ অহা শিঙৰা নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰি বুৰাই পেলাইছে বহু লোকৰ ঘৰ। শিঙৰা নদীৰ বাঢ়নী পানীয়ে লখিমপুৰত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে নদী-উপনদী সমূহৰ পানী বৃদ্ধি পোৱাত ৰাজ্যৰ ১৫ খনকৈ জিলা আৰু মহকুমাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। ইফালে পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱলীলা চলাইছে নলবাৰী জিলাৰ বিস্তীৰ্ণ অঞ্চলত। জিলাখনত বহু গাঁও বুৰাই পেলাইছে পাগলাদিয়াৰ পানীয়ে। জিলা দুখনৰ পিছতে বানপানীৰ ফলত সৰ্বাধিক প্ৰভাৱিত হোৱা মহকুমা দুটা হৈছে বজালী আৰু তামুলপুৰ।

চৰকাৰী তথ্য অনুসৰি বান প্ৰভাৱিত জিলা আৰু মহকুমা কেইখন হৈছে বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ। ইফালে দৰংৰ চহৰ অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বান প্ৰভাৱিত জিলা আৰু মহকুমা কেইখনৰ ৪২ টা ৰাজহ চক্ৰৰ ১১১৮ খনকৈ গাঁও বাঢ়নী পানীতৰ তলত আছে।

প্ৰথমটো বানত বর্তমানলৈকে ৪ লাখ ৭ হাজাৰ ৭৭১ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে সর্বসাধিক ২ লাখ ২১ হাজাৰ ৫৮৭ জন বজালীৰ। আনহাতে ৮৪৬৯.৫৬ হেক্টৰ কৃষিভূমি বাঢ়নী পানীৰ তলত আছে। বছৰৰ প্ৰথমটো বানপানীত বৰ্তমানলৈকে ৩ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। নেৰেনেপেৰা বৰষুণৰ ফলত নদী-উপনদী সমূহৰ পানী ফেনেফুটুকাৰে বৃদ্ধি পাইছে আৰু বৰ্তমান ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত কিছুদিন ৰাজ্যত বৰষুণৰ ধাৰা অব্যৱত থাকিব। ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভাৱনা আছে।