মৰিগাঁও, ১৫ অক্টোবৰ, ২০২৩ : “ছোৱালীৰ শিক্ষাই ছোৱালীৰ সুৰক্ষা”ক মূল বিষয়বস্তু হিচাপে লৈ মৰিগাঁও জিলা প্ৰশাসনে (Morigaon District Administration) ব্যাপক উৎসাহ উদ্দীপনাৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ৩৫ সংখ্যক মৰিগাঁও জিলা দিৱসৰ দেওবাৰে দ্বিতীয় দিনা চাৰণ বিলত কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠান শুভাৰম্ভ কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয় যে ক্ৰীড়াই শাৰীৰিক মানসিক উভয় ক্ষেত্ৰতে ছাত্ৰ-ছাত্ৰীক আগবঢ়াই লৈ যোৱাৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাত সহায় কৰে।

মৰিগাঁও জিলা দিৱসৰ সৈতে সংগতি ৰাখি এইদৰে নাও খেলৰ আয়োজন কৰা বাবে বিধায়ক গৰাকীয়ে জিলা প্ৰশাসনৰ শলাগ লয়। লগতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে জিলা দিৱস সফল কৰাৰ ক্ষেত্ৰত নিৰন্তৰ জড়িত হৈ থাকি চলোৱা প্ৰয়াস আৰু ভূমিকাৰ বাবে বিধায়ক গৰাকীয়ে উচ্চ প্ৰশংসা কৰে। অনুষ্ঠানত জিলা আয়ুক্ত গৰাকীয়ে কয় যে অসমত কেৱল চাৰণ বিলতেই কায়াকিং আৰু কেনয়িং হয়। মৰিগাঁও জিলাখনত এই বিশেষ ক্ৰীড়াই সদায় প্ৰাধান্য লাভ কৰি আহিছে আৰু সেয়েহে জিলা দিৱস উপলক্ষে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

আয়ুক্ত গৰাকীয়ে জিলা দিৱস উপলক্ষে গ্ৰহণ কৰা কাৰ্যসূচীসমূহত মৰিগাঁও জিলাবাসী ৰাইজে আগবঢ়োৱা স্বতঃস্ফুৰ্ত অংশগ্ৰহণ আৰু সহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে দেওবাৰে মুঠ ৮ টা শাখাত ২০০ মিটাৰত কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছোৱালীৰ কে-১, মিক্সড কে-২, ড্ৰেগন বট, জুনিয়ৰ বয়জৰ চি-১, ল’ৰাৰ চি-১ আৰু চি-২, ল’ৰাৰ কে-১ আৰু কে-২ আৰু চাব জুনিয়ৰ বয়জৰ কে-১ শাখাত খেল অনুষ্ঠিত হয়। খেলৰ শেষত বিজয়ী সকলো প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰে।

অনুষ্ঠানত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰসভাৰ পৌৰ পতি যোগেশ তামুলী, প্ৰশিক্ষক অনন্ত বৰঠাকুৰ, প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ বৰা, জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন, সমাজণকৰ্মী অতনু শৰ্মা, জিলা ক্ৰীড়া বিষয়া, জিলা সমাজ কল্যাণ বিষয়া, কেইবাগৰাকীও গণ্যমান্য ব্যক্তি আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। জিলা দিৱস উপলক্ষে মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাৰ ক শাখাত শঙ্কৰদেৱ বিদ্যা নিকেতন মৰিগাঁৱৰ চিন্ময় বৰা, মুহিলাহোম মডেল স্কুলৰ ফাৰহিনা ৰহমান আৰু ৰাধাকৃষ্ণণ চেণ্ট্ৰেল একাডেমীৰ দৰ্শন কুমাৰ নাথে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

আনহাতে খ শাখাত ৰাধাকৃষ্ণণ চেণ্ট্ৰেল একাডেমীৰ জিনীয়া ৰাজকুমাৰীয়ে প্ৰথম, মৰিগাঁও মহাবিদ্যালয়ৰ দেৱজিৎ সৰকাৰে দ্বিতীয় আৰু গীৰিন্দ্ৰ বৰকটকী ছিনিয়ৰ মাধ্যমিক বিদ্যালয়ৰ গুঞ্জন বৰদলৈয়ে তৃতীয় স্থান লাভ কৰে। জিলা আয়ুক্তই পুৰস্কৃতসকলক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে। এই সভাত সমাজকৰ্মী অতনু শৰ্মাও উপস্থিত থাকে। ইফালে সন্ধিয়া মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত, মৰিগাঁও জিলা প্ৰশাসনৰ সৌজন্যত আৰু সুৰ বাহিনীৰ সহযোগত এটি সংগীত মধুৰ সন্ধিয়াৰ অনুষ্ঠিত হ’ব। অনুষ্ঠানত বিশিষ্ট শিল্পী মণীষা হাজৰিকা, ময়ুখ হাজৰিকা, জে পি দাস, দিলীপ দাস, ৰূপম ভূঞা আৰু কেইবাগৰাকীও ন পুৰণি শিল্পীয়ে অংশগ্ৰহণ কৰাৰ কথা।