নগাঁও, ১৫ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে এগৰাকী খণ্ড উন্নয়ন বিষয়া।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ এগৰাকী খণ্ড উন্নয়ন বিষয়া জালত পৰিল।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকী। ১০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। এজন লোকৰ পৰা ২ লাখ টকা দাবী কৰিছিল বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীয়ে।

বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ হোজাইৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীক আটক কৰি তালাচী চলাই উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীক দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৮৩/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰিছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।

খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীৰ বিৰুদ্ধে পূৰ্বেও বিভিন্ন ধৰণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত দেওবাৰে এইগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া জালত পৰে। দুৰ্নীতিগ্ৰস্ত বিষয়া শেৱালী চক্ৰৱৰ্তী নগাঁৱৰ এগৰাকী আৰ এছ এছ নেতাৰ পত্নী বুলিও জানিব পৰা গৈছে।