আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : জুৱা খেলৰ বিৰুদ্ধে শিৱসাগৰত পুনৰ আৰক্ষী অভিযান। শিৱসাগৰত বৃহৎ জুৱা খেলৰ ঘাটি উৎসাত কৰিলে আৰক্ষীয়ে। এজন লোকৰ ঘৰত চলি আছিল জুৱা খেল। চাৰিজনকৈ জুৱাৰীক আটক কৰে আৰক্ষীয়ে। জুৱা খেলৰ বহু সামগ্ৰী উদ্ধাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে।

শিৱসাগৰ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই চাৰিজনকৈ জুৱাৰীক আটক কৰে। শিৱসাগৰ নগৰৰ গোঁহাই চুকত সঞ্জীৱ গগৈ নামৰ এজন লোকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জুৱা খেলৰ বৃহৎ ঘাটি উৎসাত কৰি চাৰিজন জুৱাৰীক আটক কৰে। জুৱাৰী কেইজনৰ পৰা তাচপাত, ডাইচ আৰু জুৱা খেলৰ সা-সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।

ধৃত জুৱাৰী কেইজন ক্ৰমে মনোজ গগৈ, ৰাকেশ গগৈ, ইন্দ্ৰজিত হাজৰিকা আৰু প্ৰাঞ্জল বৰগোহাঁই। সঞ্জীৱ গগৈ নামৰ লোকজনৰ ঘৰত জুৱা খেলি থকা অৱস্থাত শিৱসাগৰ আৰক্ষীয়ে জুৱাৰী কেইজন আটক কৰে। এক গোপন খবৰৰ ভিত্তিত শিৱসাগৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ডৈজী গগৈ, সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগল কিশোৰ কলিতা আৰু নগৰ পৰিদৰ্শক বিশ্বজিত দেউৰী নেতৃত্বত এই অভিযান চলিছিল।

আৰক্ষীৰ অভিযানকালত জুৱা খেলৰ ঘাটিৰ মূল গৰাকী সঞ্জীৱ গগৈসহ আন কেইবাজনো জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা জুৱাৰী চাৰিজনক ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসাযত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে আৰক্ষীয়ে জুৱা খেলৰ ঘাটিৰ মূল গৰাকী পলাতক সঞ্জীৱ গগৈক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।