ভাস্কৰজ্যোতি মহন্ত

নাজিৰা : সোমবাৰে নাজিৰা মহকুমাত ৰাষ্ট্ৰীয় পোষণ মাহ আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰাৰ উদ্দেশ্যে মাহ জুৰি চলিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ সম্বন্ধে আলোচনা কৰিবলৈ নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু বিভিন্ন চৰকাৰী বিভাগৰ সহযোগত নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এক সভাৰ আয়োজন কৰা হয়৷ “এক সুস্থ জীৱনশৈলীৰ দিশে স্বাস্থ্য সন্মত যাত্ৰা”ক বিষয় বস্তু হিচাপে লৈ অনুষ্ঠিত কৰা এই সভাত সভাপতিত্বত কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে।

বিভিন্ন বিভাগৰ মূৰব্বী সকলৰ উপস্থিতিত আয়োজন কৰা এই সভাত শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে উপলব্ধ চৰকাৰী আঁচনিৰ সম্পৰ্কে বিস্তৃতিভাৱে আলোচনা কৰা হয়। তদুপৰি, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কৰ্মী সকলে, স্বাস্থ্য সন্মত দিশ সমূহ যেনে চিকিৎসালয়ত সন্তান প্ৰসৱ কৰোৱা, শিশুক মাতৃ দুগ্ধপান কৰোৱা, জন্মৰ ৬ মাহৰ পিছতেই ল’ৰা আৰু ছোৱালীক গোটা আহাৰ খোৱাৰ ব্যৱস্থা কৰোৱাৰ বিষয়েও আলোচনা কৰে। লগতে, গৰ্ভৱতী মহিলা তথা মাতৃ সকলে পৰ্যাপ্ত পৰিপুষ্টি লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে তেওঁলোকক বিভিন্ন ভিটামিনযুক্ত আৰু পুষ্টিদায়ক খাদ্য খোৱাৰ বাবে উৎসাহিত কৰাৰ বিষয়টোত সকলোৱে গুৰুত্ব আৰোপ কৰে।

সভাত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে উপস্থিত সকলোকে ধন্যবাদ জনাই কয় যে, “শিশু আৰু মহিলাৰ পৰিপুষ্টিৰ সন্দৰ্ভত কেৱল মহিলা সকলেই নহয়, ঘৰৰ পুৰুষ সদস্য সকলৰো উচিত জ্ঞান থকাতো অত্যন্ত প্ৰয়োজনীয়।” লগতে তেওঁ সকলো শিশুক সময় মতে প্ৰতিষেধক দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে আৰু সংশ্লিষ্ট বিভিন্ন বিভাগ সমূহক ব্যাপক সজাগতা অভিযান চলাবলৈ আহ্বান জনায়। তদুপৰি, পোষণ মাহৰ সফল সমাপ্তিৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াব বুলি বিভাগসমূহৰ মূৰব্বী বিষয়াসকলে সভাত আশ্বাস প্ৰদান কৰে৷

সভাৰ আঁত ধৰে নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ক্ষেত্ৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱা আৰু উদ্দেশ্য ব্যাখ্যা কৰে শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়ায়ে। সভাত নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত ৰুবী কুমাৰী ৰায়, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া, তথ্য ও জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, খাদ্য, অসামৰিক যোগান ও পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক নিৰঞ্জন বৰাৰ উপৰিও জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ৰাজেন ফুকন, শিৱসাগৰ জিলাৰ সমন্বয়ক, স্বচ্ছ ভাৰতৰ কৰ্মী সকল, বিভিন্ন চাহ বাগানৰ প্ৰতিনিধি সকল উপস্থিত থাকে।