গোৱালপাৰা : গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। জিলাখনৰ ইতিমধ্যে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে। পুনৰ গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে তিনিজনকৈ লোক।

ৰাজ্যত দিনক দিনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। বিশেষকৈ গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

কিছুদিন পুর্বে গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল এজন যুৱকে। লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে তিনিজনকৈ লোক। লক্ষীপুৰৰ গৌৰনগৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক।

নিহত লোক তিনিজন হৈছে মমিন আলী, জহুৰা বিবি, আৰু ছমিৰণ বিবি। বনৰীয়া হাতীৰ আক্ৰমণত এটা গৰুৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ওৰে নিশা শালবাৰী দ্বিতীয় খণ্ডত তাণ্ডৱ চলাই ১৫ টা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰাৰ উপৰিও ভঁৰালৰ ধান বিনষ্ট কৰিছে।

স্থানীয় লোকে অভিযোগ কৰে যে লক্ষীপুৰ আঞ্চলিক বন বিষয়াক বাৰম্বাৰ ফোন কৰাৰ পিছতো বন বিভাগৰ এজনো লোক উপস্থিত হোৱা নাছিল। আনকি তিনিজনকৈ লোক নিহত হোৱাৰ পিছতো অঞ্চলটোৰ উপস্থিত হোৱা নাছিল বন বিভাগৰ লোক। পুৱা লক্ষীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু জলেশ্বৰ আৰক্ষী চকী আৰক্ষী বিষয়া উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে।