গৰৈমাৰী : গৰৈমাৰীত শোকাবহ ঘটনা। সন্তান জন্ম দিয়াৰ পিছতে মৃত্যু এগৰাকী মহিলা। ই-ৰিক্সাৰে চিকিৎসালয়লৈ নিয়াৰ পথত আধা বাটত সন্তান জন্ম দি শেষ নিশ্বাস ত্যাগ কৰিলে এগৰাকী মহিলাই। গৰৈমাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদত কান্দোনৰ ৰোল।

দক্ষিণ কামৰূপৰ গৰৈমাৰীত এক শোকাবহ ঘটনা সংঘটিত হৈছে। এগৰাকী প্ৰসূতি মাতৃক ই-ৰিক্সাৰে চিকিৎসালয়লৈ নিয়াৰ পথত আধা বাটতে প্ৰসূতি মাতৃ গৰাকীয়ে সন্তান জন্ম দিয়ে। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই প্ৰসূতি মাতৃ গৰাকী মৃত্যুৰ মুখত পৰে। দুৰ্গোম যাতায়তেই কাল হ’ল প্ৰসূতি গৰাকীৰ।

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আলিকাষ চৰৰ ৰমজান আলী গৰ্ভৱতী পত্নী মৰ্জিনা খাতুনক ই-ৰিক্সাৰে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ পথত আধা বাট মহিলা গৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হয়। পৰিয়ালৰ লোকে মহিলা গৰাকীক বাটৰে পৰিয়াল এটা ঘৰলৈ নিয়াৰ পিছত প্ৰসূতি গৰাকীয়ে সাধাৰণভাৱে এটি সন্তান জন্ম দিয়াৰ পিছতে মহিলা গৰাকীৰ অৱস্থাত সংকটজনক হৈ পৰে।

ইয়াৰ পিছতে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে সন্তানসহ মহিলা গৰাকীক ততাতৈয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও মহিলা গৰাকীৰ অত্যাধিক ৰক্তক্ষণ হোৱাত চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া যো-জা চলাই থাকোতে মহিলা গৰাকী মৃত্যু ঘটে।